মৰিগাওঁ আৰক্ষীৰ অভিযানত ধৰমতুল-নেলীত ৬ খন ট্ৰাকসহ ১৫৮ টা গৰু জব্দ:১৪ জনক আটক

Cow

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

একাংশ অসাধু লোকে চোৰাংকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ অতি সংগোপনে গোধন সৰবৰাহ কৰি থকাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে শনিবাৰে নিশা মৰিগাঁৱৰ ধৰমতুল আৰু নেলীত ৬ খনকৈ গৰু ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰিগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক লুইতজ্যোতি তালুকদাৰৰ নেতৃত্বত আৰু ধৰমতুল আৰু নেলী আৰক্ষীৰ সহযোগত ৬ খন ট্ৰাকৰ পৰা মুঠ ১৫৮ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰে ধৰমতুলত ৫ খন ট্ৰাকৰ পৰা ১২৫ টা আৰু নেলীত এখন ট্ৰাকৰ পৰা ৩৩ গৰু জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ হৈছে ML06-5965,ML11-8869, AS17B-0891, AS02-9501, AS01HC-8851 আৰু ML05S-4014। তদুপৰি,আৰক্ষীৰ অভিযানত ধৰমতুলত ১২ জন আৰু নেলীত ২ জন লোকক আটক কৰে।মৰিগাওঁ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লখিমপুৰ,নগাঁও,ডবকা,হোজাই আদি কৰি বিভিন্ন ঠাইৰ পৰা এই গোধনসমূহক চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ চালান দিবলৈ বুলি আনিছিল।

Pic

দীৰ্ঘদিনে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ অতি সংগোপনে চলি থকা চোৰাং গৰু সৰবৰাহৰ ঘটনাৰ পম খেদি আৰু মৰিগাওঁ আৰক্ষীয়ে লাভ কৰা বিশেষ খবৰৰ ভিত্তিত উক্ত নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধৰমতুল আৰু নেলীত চলোৱা আৰক্ষীৰ যুটীয়া অভিযানত এই বৃহৎসংখ্যক গৰু জব্দ কৰে। সম্প্ৰতি মৰিগাওঁ আৰক্ষীয়ে জব্দ কৰা গৰুসমূহ চোৰাংকাৰ্যৰ লগত জড়িত হয় নে নহয়,সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Your Comments