নাগশংকৰত ষ্টেডিয়াম নিৰ্মাণৰ শুভাৰম্ভ কৰিলে বিধায়ক পদ্ম হাজৰিকাই

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

১৯৯৭ চনতেই আধাৰশিলা স্থাপন কৰা নাগশংকৰ ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামখনৰ মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আঁচনিৰ অধীনত আবন্টন পোৱা ১০ কোটি টকাৰে ছয় মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাকৈ দেওবাৰে ভূমি পূজন আৰু কামৰ শুভাৰম্ভ কৰে চতিয়া বিধানসভা সমষ্টিৰ তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাই।

Pic

চতিয়া সমষ্টিৰ অন্তৰ্গত নাগশংকৰত ২২ বিঘা অঞ্চলজুৰি ১০ কোটি টকাৰ ব্যয় সাপেক্ষে অত্যাধুনিকৰূপে ষ্টেডিয়ামখনৰ নিৰ্মাণ কৰা হ'ব।উক্ত ষ্টেডিয়ামখনত থাকিব ক্ৰিকেট, ফুটবল, বাস্কেটবল, হকী,ছুইমিং পুল,হৰ্ছ ৰাইডিঙৰ সুব্যৱস্থা।

Your Comments