নগাঁৱৰ সোনাইপাৰত মহালয়া উপলক্ষে ৰাজপথত খোজ কাঢ়িলে শতাধিক ৰাইজে

batdraba

বটদ্ৰৱাৰ পৰা নিপন নাথৰ প্রতিবেদন :

শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ এক নাম মিঠা আলোড়ন। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈয়ে যেন শৰতৰ  আগমন। শৰৎ আৰু শেৱালী দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত সকলোৰে মন মতলীয়া। আনন্দত সকলো আপোন পাহৰা। কাৰণ শাৰদী ৰাণীৰ ধৰালৈ আগমন।

btdশাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে। শনিবাৰে মহালয়াৰ এই পৱিত্ৰ দিনটোত দোকমোকালিৰ পৰাই ৰাইজে ৰাজপথত খোজ দিয়া পৰিলক্ষিত হ'ল। ইফালে নগাৱৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰিনাথ মন্দিৰতো শতাধিক ৰাইজে একেলগে ভাগ ললে এই মহালয়া উৎসৱত।

 

Your Comments