বৰাজোলত ব্যাপক উচাহেৰে দুৰ্গা পূজাৰ আয়োজন

barajol

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :

নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত দুৰ্গাপূজাৰ প্ৰস্তুতি  আৰম্ভ হৈছে । জিলাখনৰ বৰাজোল শাৰদীয় শ্ৰী শ্ৰী দুৰ্গাপূজা  পৰিচালনা সমিতিয়ে ৬৯ সংখ্যক দুৰ্গা পূজা উদযাপন কৰিবলৈ যো-জা চলাইছে । ইতিমধ্যে  দুৰ্গা পূজা পৰিচালনা কৰাৰ বাবে ধাৰেশ্বৰ বৰুৱাক সভাপতি,বাপুকণ দাস,বীৰেণ দাস,দুৰ্গেশ্বৰ তালুকদাৰ,নাৰায়ণ কলিতাক উপ সভাপতি,সতীশ বৈশ্যক সম্পাদক আৰু প্ৰবীণ দাস, ৰঞ্জিত শৰ্মা,কঙ্কন কলিতাক সহ:সম্পাদক  হিচাপে লৈ এখন সমিতি গঠন কৰা হয় । দুৰ্গা পূজা  পৰিচালনা সমিতিয়ে জনোৱা  মতে ৪ অক্টোবৰৰ পুৱা  পৰিৱেশ নিকাকৰণ , পতাকা উত্তোলন ,স্মৃতি তৰ্পন , শ্ৰদ্ধাঞ্জলি অনুষ্ঠান , গছপুলি ৰোপন , চিত্রাংকন প্ৰতিযোগিতা , আবেলি মূখ্য দ্বাৰ মুকলি , বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা নিৰ্মিত দ্বিতীয় দ্বাৰ মুকলি , পূজা মণ্ডপৰ শুভ উদ্বোধন , সন্ধিয়া বিল্ববোধন আমন্ত্ৰণ  আৰু অধিবাস , শ্ৰী শ্ৰী  দুৰ্গাদেৱীৰ ষষ্ঠীদি কল্পাৰম্ভ  আৰু ষষ্ঠী পূজা ,৬৯ গছি বন্তি প্ৰজ্জ্বলন  অাৰু নিশা অসমীয়া গীতৰ অাধাৰত একক  নৃত্য প্ৰতিযোগীতা ।  ৫ অক্টোবৰত  পুৱা দেৱী বন্দনা , দেৱীৰ নৱ পত্রিকা প্ৰৱেশ আৰু স্থাপন  , সপ্তমী পূজাৰম্ভ , চণ্ডীপাঠ শুভাৰম্ভ , আয়তীৰ নাম পৰিবেশন ,ওজাপালি পৰিবেশন , সন্ধিয়া বন্তি প্ৰজ্জ্বলন , দেৱীৰ আৰতি ,নিশা নাগাৰা নাম পৰিবেশন  । ৬ অক্টোবৰত পুৱা দেৱী বন্দনা ,মহাষ্টমী পূজা আৰম্ভ ,  বন্তি প্ৰজ্জ্বলন ,দিহানাম প্ৰতিযোগিত‍া , দুপৰীয়া সন্ধিপূজা আৰম্ভ , আবেলি ওজাপালি প্ৰৰ্দশন ,সন্ধিয়া দেৱী আৰতি অাৰু নিশা থিয় নাম প্ৰৰ্দশন । ৭ অক্টোবৰত পূৱা দেৱী বন্দনা, কল্পাৰম্ভ আৰু মহানৱমী পূজা আৰম্ভ , আয়তীৰ নাম প্ৰদৰ্শন ,সন্ধিয়া ওজাপালি প্ৰৰ্দশন আৰু নিশা সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব বেবী কুইন আৰু জীয়ান জোনাকে । ৮ অক্টোবৰত পুৱা বিজয়া দশমী আৰু অপৰাজিতা পূজা , দেৱী বিসৰ্জন ৰ পিছত আবেলি দেৱীৰ প্ৰতিমা নোনা নদীত বিসৰ্জন।  দুৰ্গা পূজা পৰিচালনা সমিতিয়ে সমূহ কাৰ্য্যসূচীত  ৰাইজৰ উপস্হিতি তথা সহায় সহযোগীতা শ্ৰদ্ধাৰে কামনা কৰিছে ।

Your Comments