গোৱালপাৰা জিলাৰ মেঘালয় সীমান্তবৰ্তী হুদাকোনাত গ্ৰাম্য পথ নিৰ্মাণৰ শুভাৰম্ভ 

goalpara

গোৱালপাৰাৰ  পৰা উৎপল  ৰাভাৰ প্রতিবেদন :


দীৰ্ঘদিনীয়া দাবীৰ অন্তত গোৱালপাৰা জিলাৰ  অসম - মেঘালয় সীমান্তবৰ্তী হুদাকোনাত  শনিবাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ২০১৭-১৮ বৰ্ষৰ অনুমোদিত ধনেৰে হুদাকোনাৰ পৰা মংৰাই হৈ বৰদাক লৈ যোৱা গ্ৰাম্য পথ চোৱাৰ পকীকৰণৰ কামৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক এ. কে.  ৰচিদ আলমে ।

উল্লেখ্য যে অসম - মেঘালয় সীমান্তবৰ্তী হুদাকোনাৰ পৰা মংৰাই হৈ বৰদাক লৈ যোৱা প্ৰায়  সাত কিলোমিটাৰ গ্ৰাম্য পথ অতি জৰাজীৰ্ণ হৈ পৰাত এলেকাটোৰ হেজাৰ হেজাৰ জনসাধাৰণৰ  লগতে ছাত্ৰ - ছাত্ৰী সকলেও  যাতায়তৰ ক্ষেত্ৰত চৰম যাতনা ভোগ কৰিবলগীয়া হৈছিল। পথ পকীকৰণৰ কামৰ শুভাৰম্ভ  অনুষ্ঠানত  গোৱালপাৰা জিলা পৰিষদৰ সদস্যা ৰূপালী ৰাভা , বদাহাপুৰ গাঁও পঞ্চায়তৰ সভাপতি ভানুজয় ৰাভা , মেছেলখোৱা গাঁও পঞ্চায়তৰ সভাপতি সুনিল মোমিন আৰু গড়কাপ্তানী বিভাগৰ কনিষ্ঠ অভিযন্তা গোলাপ কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্হিত থাকে ।

Your Comments