বঙাইগাঁওঃ
সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ উদ্যোগত শনিবাৰে বঙাইগাঁও জিলা সমিতি গঠনৰ উদ্দেশ্যে বঙাইগাঁও আই টি আইত এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁঁও আই টি আইৰ অধ্যক্ষ ৰাজু গোপালৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্য নাৰায়ণ ৰায়, বঙাইগাঁও জিলা আমোলা সন্থাৰ সম্পাদক শংকৰ নাথ আদি উপস্থিত থাকে ৷ সভাত হেমেন ৰায়ক সভাপতি, ৰতন চন্দ্ৰ দাসক সম্পাদক, তৰুণ কান্তি সাহাক উপ সভাপতি আৰু বাবুল দাসক সহকাৰী সম্পাদক হিচাপে লৈ মুঠ ২১ জনীয়া সদস্যৰে বঙাইগাঁও জিলা চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ সমিতিখন গঠন কৰা হয় ৷ সভাত এন পি এচ ব্যৱস্থাৰে কৰ্মচাৰী সমাজৰ ভৱিষ্যত অন্ধকাৰলৈ লৈ যোৱা বুলি উপলব্ধি কৰিবলৈ আৰু আগন্তুক সময়ত এন পি এচ ব্যৱস্থাৰ সমাপ্তি কৰি সকলো কৰ্মচাৰীকে পুৰণি ব্যৱস্থাৰ সুবিধা দিবলৈ চৰকাৰক দাবী জনায় ৷
- Log in to post comments
- 166 views