নিউ বঙাইগাঁৱৰ ব্ৰহ্মপুত্ৰ কাৰ্বন উদ্যোগক কৰ্তৃপক্ষৰ তলাবন্ধ ঘোষণা : 'চিটু'ৰ প্ৰতিবাদ

bgn

বঙাইগাঁওঃ

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁওস্থিত ঔদ্যোগিক এলেকাত থকা ব্ৰহ্মপুত্ৰ কাৰ্বন উদ্যোগটো উদ্যোগ কৰ্তৃপক্ষই ২৬ ছেপ্টেম্বৰত হঠাতে (লক অাউট) তলাবন্ধ ঘোষণা কৰা অগণতান্ত্ৰিক কাৰ্যৰ প্ৰতিবাদত শনিবাৰে চিটুৰ  উদ্যোগত শ্ৰমিকসকলে বঙাইগাঁও চহৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে উদ্যোগ কৰ্তৃপক্ষই এইদৰে হঠাতে তলাবন্ধ ঘোষণা কৰাত বি চি এল ষ্টাফ আৰু কন্ট্ৰাক্টৰ ৱাৰ্কাছ ইউনিয়নে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ উদ্যোগ কৰ্তৃপক্ষই চৰকাৰৰ কোনো পূৰ্ব অনুমতি নোহোৱাকৈ তথা শ্ৰমিকৰ পৰা কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ হঠাতে এনেদৰে তলাবন্ধ ঘোষণা কৰাত শ্ৰমিক সকল থিতাতে কৰ্মহীনহৈ পৰে ৷ কৰ্তৃপক্ষৰ এনে অগণতান্ত্ৰিক কাৰ্যত চিটুৰ নেতৃত্বাধীন শ্ৰমিক-কৰ্মচাৰী সকলে উদ্যোগ কৰ্তৃপক্ষই সম্পূৰ্ণ মইমতালিত এনে কাৰ্য কৰা বুলি অভিহিত কৰে ৷ ২০১৮-২৯ বৰ্ষৰ উৎপাদনৰ কোনো ব্যাহত নোহোৱাকৈ চলি থকা অৱস্থাত সম্প্ৰতি উদ্যোগটোৰ উৎপাদিত সামগ্ৰী বিক্ৰী নোহোৱাৰ অজুহাতত প্ৰাপ্য লাভাংশৰ পৰা শ্ৰমিকক বঞ্চিত কৰা ষড়যন্ত্ৰৰে এই তলা বন্ধ ঘোষণা কৰা হৈছে বুলি ইউনিয়নে মতপোষণ কৰিছে ৷ ইপিনে জানিব পৰামতে উদ্যোগ কৰ্তৃপক্ষই শ্ৰমিক-কৰ্মচাৰীক ১২ শতাংশ বোনাছ দিবলৈ ওলোৱাৰ পাছত শ্ৰমিক - কৰ্মচাৰী সকলে ২০ শতাংশ বোনাছ দাবী কৰাত কৰ্তৃপক্ষই উদ্যোগটোৰ তলা বন্ধ কৰি দিয়ে ৷ উদ্যোগটো বন্ধ কৰি দিয়াৰ পাছত শুকুৰবাৰে উদ্যোগ চৌহদত চিটুৰ বঙাইগাঁও -চিৰাং জিলা সমিতিয়ে প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে শনিবাৰে বঙাইগাঁও চহৰত উদ্যোগটো অগতান্ত্ৰিকভাৱে তলা বন্ধ ঘোষণা কৰাৰ বিৰুদ্ধে বিক্ষোভ  কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিটুৰ বঙাইগাঁও- চিৰাং জিলা সমিতিৰ সভাপতি হৰেশ্বৰ দাসে উদ্যোগ কৰ্তৃপক্ষৰ শ্ৰমিক বিৰোধী এই কাৰ্যক অগণতান্ত্ৰিক আখ্যা দি অতি সোণকালে উদ্যোগ কৰ্তৃপক্ষক তলাবন্ধ উঠাই লোৱাৰ বাবে জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰি শ্ৰমিক- কৰ্মচাৰীসকল ৰাজপথলৈ ওলাই অহা বুলি কয় ৷

Your Comments