বঙাইগাঁওঃ
বিগত বছৰসমূহৰ দৰে এইবেলিও ৭ আৰু ৮ অক্টোৱৰত বঙাইগাঁও নামঘৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্মোৎসৱ উদযাপিত হ'ব ৷ বঙাইগাঁও নামঘৰ সমিতিৰ সভাপতি মৃণাল অধিকাৰী আৰু সাধাৰণ সম্পাদক প্ৰদীপ মহন্তই জানিবলৈ দিয়া মতে ইতিমধ্যে দীপক কুমাৰ দত্তক সভাপতি আৰু হৰেন দাসক সাধাৰণ সম্পাদক হিচাপেলৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে ৷ সেইদৰে প্ৰস্তুত কৰি উলিওৱা হৈছে কাৰ্যসূচীও ৷ কাৰ্যসূচী অনুসৰি ৭ অক্টোৱৰৰ পুৱা ৮ বজাত পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ আৰু আবেলি বঙাইগাঁও নামঘৰৰ আইসকলৰ দ্বাৰা নাম পৰিৱেশন ৷ সন্ধিয়া পৰিৱেশিত হ'ব নাম প্ৰসংগ আৰু ভাগৱত পাঠ ৷ আনহাতে ৮ অক্টোৱৰৰ পুৱাৰ ভাগত ঊষা কীৰ্তন, পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ, ভাগৱত লৈ শোভাযাত্ৰা উলিওৱা হ'ব ৷ পুৱা ১১ বজাত গছপুলি ৰোপণ কৰিব বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হ'ব ধৰ্মালোচনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোন অনুষ্ঠাত ৷ সভাত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰীয়ে মুখ্য অতিথি আৰু বঙাইগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰৱক্তা ডিম্বেশ্বৰ মেধিয়ে নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৷ আবেলি ১ঃ৩০ বজাত থিয়নাম আৰু সন্ধিয়া ৫৭১গচি বন্তি প্ৰজ্বলন কৰা হ'ব ৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত স্থানীয় বিধায়ক তথা ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে মুখ্য প্ৰজ্বলক হিচাপে উপস্থিত থাকিব।
- Log in to post comments
- 13 views