শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
শিৱসাগৰ জিলা প্ৰশাসনে পোষণ অভিযানক জন আন্দোলন ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে তথা ৰাইজক পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি অধিক সচেতন কৰি তোলাৰ বাবে প্ৰখ্যাত এথলিট অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাক জিলাখনৰ "ব্ৰেণ্ড এম্বেছেডৰ" ৰূপে ঘোষণা কৰিছে।
জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে শনিবাৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আয়োজিত থলুৱা সাংস্কৃতিক অনুষ্ঠানত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই পোষণ মাহৰ ব্ৰেণ্ড এম্বেছেডৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনায়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে জিলাখনৰ লগতে ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আহ্বানত ৰাইজে পুষ্টিহীনতাৰ নিৰ্মূলৰ বাবে আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, ব্ৰেণ্ড এম্বেছেডৰ ৰূপে শ্ৰী বৰুৱাক পোৱাটো সকলোৰে বাবে গৌৰৱৰ বিষয়। শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ আহাৰ যোগান ধৰাৰ বাবে এতিয়া জনসাধাৰণ আৰু অধিক সচেতন হ'ব বুলি উপায়ুক্ত গৰাকীয়ে দৃঢ় মত পোষণ কৰে।
নিজ বক্তব্যত ব্ৰেণ্ড এম্বেছেডৰ ভোগেশ্বৰ বৰুৱাই উপস্থিত সকলোকে পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগ হৈ পোষণ অভিযানক জন আন্দোলন ৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
অনুষ্ঠানটিত জিকিৰ, বিয়ানাম, চুটি নাট আদি প্ৰদৰ্শনৰ মাধমেৰে বিভিন্ন সামাজিক সমস্যা আৰু পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানত থলুৱা ফলমূল, জলপান, আহাৰ, ব্যঞ্জন আদিৰো এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।
জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বুধিন মিশ্ৰ, মহিলা সমিতিৰ সভানেত্ৰী মণিকা শইকীয়া, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ৰ উপৰি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক প্ৰৱক্তা, ছাত্ৰ-ছাত্ৰী, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, পশুপালন আদি বিভাগৰ বিষয়া, আশাকৰ্মী, আংগনৱাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
- Log in to post comments
- 9 views