শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাই শনিবাৰে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিৰ পৰা আৰম্ভ হোৱা এক স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে।
অভিযানত অংশগ্ৰহণ কৰি উপযুক্ত গৰাকীয়ে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু ডাষ্টবিন ব্যৱহাৰ কৰাৰ বাবে স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে। চাফাই কৰ্মত নিয়োজিত কৰ্মচাৰী সকল আৰু তেওঁলোকৰ শ্ৰমৰ প্ৰতি সন্মান জনাবলৈও অনুৰোধ জনায়। পূজাৰ পেণ্ডেল সমূহতো ডাষ্টবিন ৰখাটো বাধ্যতামূলক বুলি উল্লেখ কৰি স্থানীয় পূজা সমিতিৰ বিষয়-ববীয়া সকলক পেণ্ডেল সমূহ স্বচ্ছ আৰু নিকা কৰি ৰাখিবলৈ তেওঁ আহ্বান জনোৱাৰ লগতে স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা উৎকৃষ্ট পদক্ষেপৰ বাবে প্ৰশাসনে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে বুলিও সদৰি কৰে।
তদুপৰি তেওঁ সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে জিলাখনত যোৱা ১ ছেপ্টেম্বৰৰ পৰা চলি থকা মাহজোৰা "ৰাষ্ট্ৰীয় পোষণ মাহ" -ৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে উল্লেখ কৰি পুষ্টিহীনতা নিৰ্মূলৰ হকে ৰাইজক শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাক পুষ্টিকৰ আহাৰ যোগান ধৰাৰ বিষয়ে সজাগ হ'বলৈ আহ্বান জনায়।জিলাখনৰ আৰক্ষী বিভাগে আয়োজন কৰা এই স্বচ্ছতা অভিযান কালত আৰক্ষী অধীক্ষকে স্বচ্ছতাক সকলোৱে অভ্যাসত ৰূপান্তৰ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান জনায়। উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী বিভাগৰ বিষয়া-জোৱান আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বলৰ জোৱান সকলে নগৰ খনৰ ব্যৱসায়িক প্ৰতিষ্ঠান, কেন্দ্ৰীয় বজাৰ, ৰাস্তাৰ দুয়োকাষ পৰিষ্কাৰ কৰে।
- Log in to post comments
- 17 views