নৰেন শৰ্মা,বাহাৰঘাট :
সমগ্ৰ ভাৰতবৰ্ষত স্বচ্ছ ভাৰত অভিযান পালন কৰাৰ লগতে শনিবাৰে নলবাৰী জিলা আৰক্ষীৰ উদ্যোগত "প্লাষ্টিক" সন্দৰ্ভত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় । সমগ্ৰ নলবাৰীৰ ৰাইজক এই বাটৰ নাটৰ জৰিয়তে সজাগ কৰি প্লাষ্টিক বৰ্জন কৰিবলৈ তথা আমাৰ সমাজ খনক স্বচ্ছ আৰু নিকা কৰি ৰাখিবলৈ আহ্বান জনোৱা হয় । দিনৰ ভাগত অনুষ্ঠিত এই বাটৰ নাটত আপোনাৰ চহৰখন প্লাষ্টিক মুক্ত কৰি ৰখাত প্ৰতিবদ্ধ হওঁক, এবাৰ ব্যৱহাৰোপযোগী প্লাষ্টিকৰ বস্তু (পলিথিন বেগ,বাচন-বৰ্তন) সমূহ বৰ্জন কৰক ,আৱৰ্জনা সিঁচৰতি নকৰি ডাষ্টবিন ব্যৱহাৰ কৰক,আপোনাৰ চহৰখন পৰিস্কাৰ আৰু সেউজীয়া কৰি ৰখাত আমাক সহায় কৰক আদি শ্লোগান দি জিলা আৰক্ষী সকলে ৰাইজলৈ পৰিষ্কাৰ পৰিচন্নতাৰ বাৰ্তা প্ৰেৰণ কৰে। উল্লেখ যে প্লাষ্টিকৰ বিৰুদ্ধে জিলা আৰক্ষীৰ উদ্যোগত আয়োজিত এই বাটৰ নাট নলবাৰী চহৰৰ গোল পাৰ্ক,গোপাল বজাৰ আৰু টিহু অঞ্চলত প্ৰদৰ্শন কৰি প্ৰচাৰ অভিযান চলোৱা দেখা গ'ল ।
- Log in to post comments
- 12 views