নৰেন শৰ্মা,বাহাৰঘাট :
শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাট প্ৰাংগনত শনিবাৰে গুৱাহাটীৰ লতাশিলৰ জি এম বি টিউটৰিয়েল হোমৰ উদ্যোগত এখন উচ্চ মাধ্যমিক স্তৰত ছাত্ৰছাত্ৰীৰ বৌদ্ধিক আৰু ব্যক্তিত্ব বিকাশ সম্পৰ্কে এখন আলোচনা সভা অনুস্থিত হয়৷পূৱা দহ বজাত নিকেতনৰ প্ৰাক্তন সভাপতি দীনেশ চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বালন কৰি আৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি ৰজত চন্দ্ৰ শৰ্মাই৷সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰাতুল চন্দ্ৰ ৰাজখোৱাই ছাত্ৰছাত্ৰী সকলক বৌদ্ধিক , মানসিক, আৰু ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে৷আনহাতে সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতাই মুখ্য অতিথি হিচাবে উপস্থিত থাকে৷সভাত জি এম বি টিউটৰিয়েল হোমৰ সঞ্চালক গিৰীশ মল্ল বৰুৱাই অতিথি হিচাবে অংশগ্ৰহণ কৰি প্ৰতিষ্ঠানটোৰ উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত বক্তব্য প্ৰদান কৰে৷সভাৰ আদৰণি ভাষন দিয়ে নিকেতনৰ প্ৰধানাচাৰ্য্য তিলক চন্দ্ৰ তালুকদাৰে৷ শংকৰদেৱ বিদ্যা নিকেতনৰ বৰভাগ সংকুলৰ অন্তৰ্গত কেইবাখনো শিক্ষানুষ্ঠানৰ প্ৰায় দুই শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা সভাত বৰভাগ সংকুলৰ প্ৰমুখ কমল কলিতা,বাৰাংহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্য্য সৰ্বেশ্বৰ ডাউকা আদিকে ধৰি পঞ্চাশ গৰাকীতকৈ অধিক আচাৰ্যই অংশগ্ৰহণ কৰে৷
- Log in to post comments
- 16 views