২৯ ছেপ্টেম্বৰৰ পৰা তেজপুৰত সদৌ অসম কবি সন্মিলনৰ পাঁচদিনীয়া পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশন

Pic

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা

 

১৯৮৭ চনত নামৰূপত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক তেজপুৰ অধিৱেশনখন পাঁচদিনীয়া কাৰ্যসূচীৰে পৰা ৩ অক্টোবৰলৈ তেজপুৰ নগৰস্থিত দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে । অসমৰ সমূহ কবি আৰু কবিতাৰ অনুৰাগীক একত্ৰিত কৰি মহা পয়োভৰৰে অনুষ্ঠিত হোৱা অধিৱেশনখনি দেওবাৰে,২৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত  বন্তি প্ৰজ্বলনৰে কলাভূমিত শুভাৰম্ভ কৰিব সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই আৰু দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ডা° হৰেণ শইকীয়াই।৫.৩০ বজাত অন্তিম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা উদ্বোধন কৰিব সমাজকৰ্মী বিবেক বৰাই । দ্বিতীয় দিনা অৰ্থাৎ ৩০ ছেপ্তেম্বৰত নীলকান্ত শইকীয়াৰ দ্বাৰা পতাকা উত্তোলন, আদৰণী সমিতিৰ সভাপতি কিষাণ কুমাৰ শৰ্মাৰ দ্বাৰা স্মৃতি তৰ্পণ, ডাঃ হৰেণ শইকীয়াৰ দ্বাৰা গছপুলি ৰোপণ, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ সভাপতি ৰাজীৱ দাসৰ দ্বাৰা মুখ্য তোৰণ উন্মোচন, সমাজকৰ্মী মিনাক্ষী ভূঞাৰ দ্বাৰা গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন, পৰাগ কাকতিৰ দ্বাৰা ঐতিহ্যমণ্ডিত তেজপুৰ উন্মোচন আৰু সমাজকৰ্মী মদন মোহন সিঙৰ দ্বাৰা প্ৰতিনিধি শিবিৰ মুকলি কাৰ্যসূচী সম্পন্ন হ'ব ।  বিশিষ্ট সাহিত্যিক-সাংবাদিক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সোঁৱৰণত দুপৰীয়া অনুষ্ঠিতব্য গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰিব নীলকান্ত শইকীয়াই । সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি জুলিয়ানা বেগম, ড° মাণিক শইকীয়া, অসম লেখিকা সন্থাৰ কাৰ্যকৰী সভানেত্ৰী মামনি গগৈ বৰুৱা, সন্মিলনৰ উপদেষ্টা বিপুল দেউৰী, উপ-সভাপতি মনজিত সিং, বিশিষ্ট কবি অজিত কুমাৰ বৰদলৈ, ড° ভূপেন শইকীয়া, ড° স্বাধীনতা মহন্ত, ড° গহন চন্দ্ৰ মহন্ত, 'এমট্ৰন'ৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, ৰুণুমী বৰা, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়শংকৰ হাজৰিকা, ড° ৰঞ্জন কলিতা , ড° বিশ্বৰঞ্জন কলিতা, ড° জ্যোতিকমল হাজৰিকা, ড° তপন কলিতা আৰু জ্ঞান ভাৰতী একাডেমীৰ সঞ্চালক গ্ৰন্থ-উন্মোচক ৰূপে থাকিব লগা উক্ত অনুষ্ঠানতেই অধিৱেশনৰ স্মৃতিগ্ৰন্থ, সন্মিলনৰ দ্বাৰা প্ৰকাশিত কেইবাখনো মূল্যবান গ্ৰন্থ সমন্বিতে প্ৰায় দুকুৰিৰো অধিক গ্ৰন্থ উন্মোচন কৰা হ'ব । বিয়লি চাৰি বজাত আতৰ আলি চৌধুৰীৰ সোঁৱৰণত অনুষ্ঠিত হ'বলগা সতীৰ্থ কবি সন্মিলনৰ সঞ্চালনা কৰিব হৰেণ গগৈয়ে । হেমচন্দ্ৰ গগৈ, দেৱজিত কুমাৰ দত্ত, হেমনাৰায়ণ দত্ত, নৰেন শৰ্মাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিবলগা কবি সন্মিলন উদ্বোধন কৰিব সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক গংগামোহন মিলিয়ে । বিশিষ্ট কবি ডলী গোস্বামীয়ে সন্ধিয়া বন্তি প্ৰজ্বলনৰে সামৰণি মৰা হ'ব দ্বিতীয় দিৱসৰ কাৰ্যসূচীৰ।১ অক্টোবৰত পুৱা ৰঞ্জিত কোঁৱৰৰ দ্বাৰা গছপুলি ৰোপণৰে আৰম্ভ হ'ব তৃতীয় দিনৰ কাৰ্যসূচী । ইয়াৰ পিছতেই শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক সঞ্জয় কৃষ্ণৰ ফ্লেগ অফৰে ১০ বজাত 'কবিতাৰ সমদল যাত্ৰা'ৰ অন্তত কবি অৱনী চক্ৰৱৰ্তীৰ সোঁৱৰণত দিনৰ ১ বজাত নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব সভাপতি-সম্পাদক সন্মিলন।সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি প্ৰদীপ শৰ্মাই উদ্বোধন কৰিবলগা সভাখনৰ পিছতেই বিয়লি ২.৩০ বজাত ভাষাবিদ ড° বেণু গগৈৰ সোঁৱৰণত যোগেন তামুলীৰ সঞ্চালনাত অনুষ্ঠিত হ'ব 'কাব্যচিন্তন' অনুষ্ঠান।ড° সত্যকাম বৰঠাকুৰ আৰু ৰাজীৱ বৰা আলোচকৰূপে থাকিবলগা সভাখন উদ্বোধন কৰিব সন্মিলনৰ প্ৰাক্তন সভাপতি ড° মাণিক শইকীয়াই । শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰ সিং পাৱাৰে উদ্বোধন আৰু ডা° হৰেণ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰিবলগা বিয়লি ৩ বজাৰ প্ৰতিনিধি সভা( প্ৰথম অংশ)ৰ পিছতেই ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব কাব্যপ্ৰাণ চুজাউদ্দিন আহমেদৰ সোঁৱৰণত জনগোষ্ঠীয় কবি সন্মিলন । বিপুল দেউৰীৰ সঞ্চালনাত জয় কুমাৰ দলেই উদ্বোধন কৰিবলগা কবি সন্মিলনখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে । ২ অক্টোবৰৰ চতুৰ্থ দিনৰ পুৱা ৯ বজাত প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীৰ হাতৰে গছপুলি ৰোপণ, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাৰ নেতৃত্বত চৌহদ পৰিস্কাৰ কাৰ্যসূচীৰ পিছতেই কলাভূমিত অনুষ্ঠিত হ'ব কবিতা আবৃত্তিৰ অনুষ্ঠান । বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়াই উদ্বোধন আৰু বিশিষ্ট কবি তৰুণ বৰুৱাই সঞ্চালনা কৰিবলগা অনুষ্ঠানটোৰ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব নিমিষা শইকীয়া, ৰিজুমণি শইকীয়া তামুলী আৰু ভূপেন শৰ্মা । ১০.৩০ বজাত প্ৰতিনিধি সভাৰ সমান্তৰালভাৱে তৰুণ কোঁৱৰৰ সোঁৱৰণত অনুষ্ঠিত হ'ব যুৱ কবি সন্মিলন 'কাব্যচৰ্চা' ।বিশিষ্ট কবি ভূপেন গগৈ উদ্বোধক আৰু  প্ৰণৱ কুমাৰ বৰ্মণ সঞ্চালক ৰূপে থাকিব লগা অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্ৰ বসুমতাৰী আৰু আদৰণী ভাষণ প্ৰদান কৰিব আদৰণি সমিতিৰ মুখ্য সম্পাদক অপূৰ্ব বৰাই । বিশিষ্ট শিক্ষাবিদ কমলজ্যোতি গগৈয়ে উদ্বোধন কৰিবলগা ১ বজাৰ মুকলি সভাৰ পিছতেই বিয়লি ৪.৩০ বজাত কল পাৰ্কত অনুষ্ঠিত হ'ব 'কাব্য-নন্দিনী' শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান । ড° ৰুবী বৰাই  উদ্বোধন আৰু ড° ছবি গগৈয়ে সঞ্চালনা কৰিবলগা অনুষ্ঠানটোৰ মুখ্য অতিথি ৰূপে ড° জয়শ্ৰী গোস্বামী মহন্ত আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব  বিনীতা বৰা দেৱ চৌধুৰী । সন্ধিয়া ৬.৩০ বজাত  অনুষ্ঠিত হ'বলগা স্থানীয় কবিৰ কবিতা পাঠ অনুষ্ঠান উদ্বোধন কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আৰু সঞ্চালনা কৰিব উদয় কুমাৰ শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামী, বিশিষ্ট কবি ৰীতা বৰুৱা, দেৱপ্ৰসাদ তালুকদাৰ, বৰ্ণালী ভড়ালী বিশিষ্ট অতিথিৰূপে অনুষ্ঠানটোত উপস্থিত থাকিব।পঞ্চম দিন,৩ অক্টোবৰৰ পুৱা সমাজকৰ্মী স্বপন মৈত্ৰৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ব । ইয়াৰ পিছতেই পুৱা ১০ বজাত অনুষ্ঠিত হ'বলগা আজীৱন/ হিতৈষী/সন্মানীয় সদস্য সন্মিলন আৰু সম্বৰ্ধনা কাৰ্যসূচী সঞ্চালনা কৰিব ড° পৰাণ বৰুৱাই আৰু উদ্বোধন কৰিব সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক পৰাগজ্যোতি মহন্তই । দিনৰ ১১ বজাত মুকলি সভা আৰু বিয়লি ১.৩০ বজাত ড° জয়শংকৰ হাজৰিকাই আদৰণি ভাষণ আৰু ড° কৰবী ডেকা হাজৰিকাই উদ্বোধন কৰিবলগা প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈৰ সোঁৱৰণি কাব্য-আলোচনা সভাৰ পিছতেই সদৌ অসম কবি সন্মিলনৰ দ্বাৰা প্ৰদান কৰিব লগা সমূহ বঁটা আৰু সম্বৰ্ধনা প্ৰাপকসকললৈ আগবঢ়োৱা হ'ব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ যতীন বৰা, সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আনন্দ চন্দ্ৰ দত্ত, ড° জিন্তু হাজৰিকা উপস্থিত থাকিব লগা উক্ত অনুষ্ঠানৰ পাছতেই ৰাজীৱ বৰুৱাই উদ্বোধন আৰু কৌস্তভ মণি শইকীয়াই সঞ্চালনা কৰিবলগা আমন্ত্ৰিত কবিৰ কবিতা পাঠেৰে অধিৱেশনৰ সামৰণি পৰিব ।

Your Comments