বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
নলবাৰী জিলাত শনিবাৰে পুৱাৰ ভাগত দুটাকৈ স্থানত পানীত পৰি দুজন লোকৰ মৃত্যু হোৱাৰ শোকাৱহ ঘটনা সংঘটিত হৈছে।প্ৰথমটো ঘটনা সংঘটিত হয় জিলাখনৰ বৰ্ণিবাৰীত । সাধাৰণ কৃষিকাৰ্যৰে জীৱন নিৰ্বাহ কৰা মিঠুন দাস নামৰ (৩৫) দুই সন্তানৰ পিতৃগৰাকীয়ে পথাৰত মাছ মাৰিবলৈ গৈ এটা দ কুৰত সোমাই পৰে । বহু সময় ধৰি লোকজনক বিছাৰ-খোছাৰ কৰিও পোৱা নাছিল যদিও বহু পলমকৈ মিঠুনৰ মৃতদেহটো ওপঙি উঠাত হুৱা-দুৱা লাগে পৰিয়ালটোত । পৰিয়াল আৰু স্থানীয় লোকে ততাতৈয়াকৈ নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে। আনহাতে,জিলাখনৰ বৰভাগৰ মৌৰা গাঁৱতো সংঘটিত হয় আন
এক শোকাৱহ ঘটনা । জিলাখনৰ চামতাৰ সমীপৰ বিহামপুৰৰ কুলেন তালুকদাৰ নামৰ চল্লিশ উৰ্ধৰ লোকজন শুকুৰবাৰে মৌৰাস্থিত শহুৰেকৰ গৃহলৈ আহিছিল শহুৰৰ পৰিয়ালৰ লোকে । পিছে নিশাৰ ভাগৰ পৰা কুলেন তালুকদাৰ গৃহত নোহোৱা হয় ।শনিবাৰে পুৱাৰ ভাগত তালুকদাৰৰ মৃতদেহ ঘৰৰ পিছফালৰ এটা পুখুৰীৰ উদ্ধাৰ কৰা হয়। এনেদৰে,একে দিনাই দুটাকৈ স্থানত দুজন লোকে পানীত পৰি মৃত্যুক আকোৱালি লোৱা ঘটনাত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে।
- Log in to post comments
- 5 views