ডিমৌৰ পৰা অভিজিৎ গগৈৰ প্রতিবেদন :
ডিমৌৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সমিতিৰ উদ্যোগত শুকুৰবাৰে এখনি ঘূৰ্ণীয়মান পুঁজি বিতৰণ সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু ডিমৌৰ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং । ইয়াৰ উপৰিও অতিথি হিচাবে উপস্থিত থাকে ডিমৌ পৌৰসভাৰ স্বচ্ছ ভাৰত অভিযানৰ ব্ৰেণ্ড এম্বেচেদৰ শেখৰ জ্যোতি দুৱৰীৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি । এই পুঁজি নগৰ অঞ্চলৰ আত্মসহায়ক গোট সমূহলৈ বিতৰণ কৰা হয় । পুঁজি লাভ কৰা গোট সমূহে অনাগত দিনত স্বাৱলম্বীতাৰ পথটি অধিক শক্তিশালী কৰি এক সুকীয়া নিদৰ্শন দাঙি ধৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে থাওৰাৰ বিধায়ক কুশল দুৱৰীয়ে।
- Log in to post comments
- 9 views