বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ এখনি সংবাদ মেল বৰপেটাৰোড প্ৰেছ ক্লাবত অনুষ্ঠিত হয় ৷ সংবাদ মেলখনিত উপস্থিত থাকি সভাপতি আব্দুল আজিজে কেবাটাও গুৰুতৰ অভিযোগ তুলি তাক অতি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ৷ পৰিষদে সংবাদমেল খনত নিম্নোক্ত ধৰণে নিজ আলোচনা আৰু দাবী সমূহ উত্থাপন কৰে-
( ১ ) আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছাে যে স্বৰ্গদেওঁ চুকাফাই সকলাে জাতি- জনগােষ্ঠীক একত্রিত কৰি গঢ়ি তােলা বৃহত্তৰ অসমত বৰ্ত্তমান শান্তিৰ পৰিবেশনাই । সকলাে ক্ষেত্রতে সাম্প্রদায়িকতাই ছানি ধৰিছে ।
দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে তিনিজনী মহিলাক আচামী সজাই কৰায়ত্ব কৰাৰ নামত যি বৰ্বৰ ঘটনা সংঘটিত কৰিলে আৰু বৰপেটাৰােডৰ নিচুকা গাওঁত আমটেঙা থানাৰ আৰক্ষীয়ে আচামী বিচৰাৰ নামত তিনিজনী মহিলাৰ ওচৰত যি অমানৱীয় ঘটনা সংঘটিত কৰিলে সেয়া অসমৰ ইতিহাসত এক নজীৰ বিহিন ঘটনা । দুয়ােটা ঘটনাত আৰক্ষীয়ে গর্ভবতী মহিলাক শাৰীৰিক নির্যাতন চলাই দুগৰাকীকৈ মহিলাক গর্ভপাত কৰাবলৈ বাধ্য কৰালে । আমি উক্ত দুয়ােটা ঘটনাক তীব্র ভাষাৰে গৰিহনা দিছাে আৰু ন্যায়ীক তদন্ত কৰি দোষী আৰক্ষী সকলক দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক অনুৰােধ জনােৱাৰ লগতে আক্রান্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰক দাবী জনাইছাে ।
( ২ ) আমি পর্যবেক্ষণ কৰি জানিব পাৰিছাে যে বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰাই অসমৰ বিভিন্ন জিলাৰ বিদেশী ন্যায়ধীকৰণ সমূহ ডি ’ ভােটাৰ সকলক সম্পূর্ণ বৈধ নথি পত্র থকাৰ পিছতাে পাকে প্ৰকাৰে হাৰাশাস্তি কৰি থকা হৈছে আৰু যিকোনাে কৌশল প্রয়ােগ কৰি হলেওঁ বিদেশী সজাই থকা হৈছে । এই ক্ষেত্ৰত চৰকাৰে কোনাে ধৰণৰ হস্তক্ষেপ কৰা পৰিলক্ষিত হােৱা নাই । আমি অসম সংখ্যালঘু সংগ্রাম পৰিষদে ন্যায় আৰু মানৱীয়তাৰ খাতিৰত এই ক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছোঁ আৰু নিৰিহ মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছো।
( ৩ ) এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰা বৈধ ভাৰতীয় নাগৰিক সকলক মানৱতাৰ দৃষ্টিত আইনী সাহায্য প্রদান কৰিবলৈ সন্মানীয় অধিবক্তা সকলক বিনম্র ভাবে আহ্বান জনাইছাে আৰু আমাৰ সংগঠনৰ কৰ্মীসকলক এই ক্ষেত্ৰত সর্বতাে প্ৰকাৰ সহায় - সহযােগীতাত আগবঢ়াবলৈ পৰিষদৰ প্রত্যেক জিলা কমিটিক সজাগতা সভা পাতিবলৈ আহ্বান জনাইছাে ।
( ৪ ) আমি জানিব পাৰিছে যে অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ নামত সংগঠনৰ পৰা বহিস্কৃত হােৱা আৰু সংগঠনৰ সংবিধান বিৰােধী পদক্ষেপৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা কিছুনেতা কর্মীয়ে সভাপতিৰ অজ্ঞাতে আৰু অনুমতি অবিহনে গুৱাহাটীত এখন সভা আহ্বান কৰিছে । যদিহে উক্ত সভা অনুষ্ঠিত হয় তেন্তে উদ্যোক্তা সকল আৰু অংশগ্রহণকাৰী সকলৰ বিৰুদ্ধে সংবিধানিক ভাবে শাস্তিমূলক ব্যৱস্থা লােৱা হ'ব বুলি আমি স্পষ্ট ভাৱে জনাই দিছো ।
( ৫ ) ভাৰতৰ নির্বাচনী আয়ােগে সমগ্ৰ দেশত ভােটাৰ প্রমান পত্র ভেৰিফিকেচন কৰাৰ বাবে অহা ১৫ অক্টোবৰ ২০১৯ ইং তাৰিখ লৈকে সময় নিৰ্দ্ধাৰণ কৰি দিয়া জাননীৰ প্রতি সহাৰি জনাই সমগ্ৰ অসমবাসীক নিজৰ নিজৰ ভােটাৰ পৰিচয় পত্র ভেৰিফিকেচন কৰিবলৈ আহ্বান জনােৱা হ'ল। লগতে অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ প্রত্যেক জিলা আৰু আঞ্চলিক কমিটিক এই ক্ষেত্ৰত ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হয় ।
( ৬ ) অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জলা - কলা খুৱাই আছে । ৩০ টকা প্রতি কেজি পিয়াজৰ মূল্য এতিয়া ৭০ টকাৰ পৰা ৮০ টকা লৈকে বজাৰৰ পৰা কিনিব লগা হৈছে । মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনাে পদক্ষেপ লােৱা পৰিলক্ষিত হােৱা নাই । বিজেপি দলে মূল্য বৃদ্ধিৰ প্রতিবাদৰ জোৱাৰ তুলি ৰাইজক আভূৱা ভাৰি বৰ্তমান চৰকাৰৰ গাদী দখল কৰি মূল্য বৃদ্ধিৰ ক্ষেত্ৰত সেইখন চৰকাৰ নিমাত হৈ থকাটো কি বুজায় ? অসম সংখ্যালঘু সংগ্রাম পৰিষদে অতি শীঘ্ৰে ৰাইজৰ হিতার্থে অত্যাবশ্যকীয় সামগ্রী সমূহৰ মূল্য বৃদ্ধি ৰােধ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাওঁ । ইয়াৰ অন্যথা আমি গণতান্ত্রিক ভাবে আন্দোলয়ৰ বাবে ৰাজপথত ওলাবলৈ বাধ্য হম । সংবাদ মেলখনিত কার্যকৰী সভাপতি মােকাদ্দেছ আলী, উপ- সভাপতি চাহজাহান আলী আহমেদ, সাধাৰণ সম্পাদক মোৱাজেন হুছেইন, সাংগঠনিক সম্পাদক ছামচুল হুদা, মুখ্য সাংগঠনিক সম্পাদক ৰফিকুল ইছলাম আৰু বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহিম আলি আহমেদ উপস্থিত থাকে ৷
- Log in to post comments
- 5 views