আক্ৰাছুৰ ছিপনছিলা আঞ্চলিক সমিতি গঠন

akrasu

বঙাইগাঁওঃ  

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত ছিপনছিলা আঞ্চলিক সমিতিখন বৃহস্পতিবাৰে নতুনকৈ গঠন কৰা হয় ৷ এই উদ্দেশ্যে ঘনদলৰ বীনাপাণী পুথিভঁৰাল আৰু সামূহিক উন্নয়ন কেন্দ্ৰ প্ৰাংগণত জিলা সমিতিৰ সভাপতি গোলাপ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত অৰুণ ৰায়ক সভাপতি আৰু জীৱন কুমাৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া সদস্যৰে আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷ সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গোকুল বৰ্মণ উপস্থিত থাকি কয় যে পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিৰ তালিকাভুক্ত নকৰালৈকে আক্ৰাছু ক্ষান্ত নাথাকে ৷ বিজেপি দলে বিগত নিৰ্বাচনত কোচ ৰাজবংশীসকলক জনজাতিৰ তালিকাভুক্ত কৰিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি  দিয়াৰ পিছতো বিষয়টো সন্দৰ্ভত গ্ৰহণ কৰা নেতিবাচক স্থিতিৰ সমূচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও কয় ৷ লগতে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ নাম বিনাচৰ্তে অন্তৰ্ভুক্ত কৰিব লাগে বুলি চৰকাৰক দাবী জনায় ৷ সভাখনত সংগঠনটোৰ সাংগঠনিক সম্পাদক কল্যাণ সিংহ, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ, প্ৰচাৰ সম্পাদিকা সবিতা সিংহ, জিলা আক্ৰাছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়প্ৰকাশ বৰ্মন, শিক্ষা আৰু সমাজসেৱা সম্পাদক শিবেন নাৰায়ণ দেৱ, প্ৰচাৰ সম্পাদক গৌৰী শংকৰ চৌধুৰী, মুখ্য সাংগঠনিক সম্পাদক হেমেন ৰায় আদি উপস্থিত থাকে ৷ উল্লেখ্য যে ছিপনছিলা আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে স্থানীয় সমাজকৰ্মী হেমন্ত সিংহই ৷ তেওঁ নিজৰ বক্তব্যত সংগঠনটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে  বিভিন্ন দিহা - পৰামৰ্শও আগবঢ়ায় ৷

Your Comments