বঙাইগাঁওঃ
পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ তথা সদ্য ঘোষিত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বাদ দিয়া ভূমিপুত্ৰ কোচ ৰাজবংশী লোকৰ নাম বিনাচৰ্তে অন্তৰ্ভুক্ত কৰাৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ উদ্যোগত অহা ৩০ ছেপ্টেম্বৰত নতুন দিল্লীৰ যন্তৰ- মন্তৰত এক তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে। উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সমূহ কোচ ৰাজবংশী দল- সংগঠনৰ লগতে ৰাইজক যোগদান কৰিবলৈ আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মণে এক প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে ৷
- Log in to post comments
- 13 views