ডাবকাৰ পৰা জমিৰুদ্দিন তালুকদাৰৰ প্রতিবেদন :
নিষিদ্ধ ঔষধৰ কৰিডৰ হৈ পৰিছে ডবকা ৷ হোজাই জিলাৰ ডবকাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া অভিযান চলায়। আৰক্ষীৰ অভিযানকালত ডবকা চহৰৰ ডবকা-ডিফু ৰোডৰ মজুমদাৰ ড্ৰাগ ডিষ্ট্ৰিবিউটৰছৰ পৰা আৰক্ষীৰ এটা দলে বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধ জব্দ কৰে ৷ লগতে নিষিদ্ধ ঔষধৰ ব্যৱসায়ত জড়িত থকাৰ অপৰাধত দোকানখনৰ গৰাকী তাহিৰ উদ্দিন মজুমদাৰক আটক কৰে ৷ উল্লেখ্য যে কিছুদিন পুৰ্বে গুৱাহাটীৰ পৰা অহা ১৫ জনীয়া চি আই ডিৰ এটি দলে অভিযান চলাই এইখন দোকানৰ পৰাই জব্দ কৰিছিল 95 লাখ টকাৰ নিচাজাতীয় ঔষধ ৷ গ্ৰেপ্তাৰ কৰিছিল ঔষধ দোকানৰ মালিক তাহিৰ উদ্দিন মাজুমদাৰক ৷ আজি পুনৰ হোজাই আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধ ৷
ইফালে নীলবাগানৰ বুধবৰীয়া বজাৰত থকা তাহিৰ উদ্দিন মাজুমদাৰৰ ভাতৃ নাজিম উদ্দিন মজুমদাৰৰ ঘৰতো অভিযান চলায় আৰক্ষীয়ে ৷শুকুৰবাৰে সন্ধিয়া হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চুমন চক্ৰৱৰ্তী, ডিএছপি দিপ্তী মালীৰ নেতৃত্বত আৰক্ষীৰ এটি দলে চলোৱা এই অভিযানত 'মজুমদাৰ ড্ৰাগ ডিষ্ট্ৰিবিউটৰচ'ৰ পৰা Sampex ১১২৩২ টা টেবলেট, Corex 100 ml sypৰ ৩৩ টা বটল , Nitrosun tab ৩৭০টা জব্দ কৰাৰ লগতে তাহিৰক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে ৷ এই প্ৰতিষ্ঠানখনৰ পৰাই কাৰ্বি আংলং জিলাৰ ডিফু, হোজাই জিলাৰ লামডিঙলৈ নিচাজীয় ঔষধৰ সৰবৰাহ হোৱা বুলি অভিযোগ উঠিছে ৷
- Log in to post comments
- 4 views