বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ উদ্যোগত শুকুৰবাৰে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰৰ মিলেনিয়াম পার্কত এক অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় । অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা সংগঠনটোৰ শতাধিক নেতাকর্মীৰ উপস্থিতিত ৰূপায়িত এই কাৰ্যসূচীত অন্যান্য সকলৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি প্রদীপ কলিতাও উপস্থিত থাকে । কাৰ্যসূচী অন্তত সাংবাদিকৰ সৈতে হােৱা বাৰ্তালাপত সভাপতি কলিতাই কয় তেওঁলোকৰ দাবী সমূহ হৈছে--
১ । ভাৰতবৰ্ষক আনুষ্ঠানিকভাবে হিন্দু ৰাষ্ট্র ঘােষণা কৰক । ২৷গাে মাতাক ৰাষ্ট্ৰীয় পশু হিচাপে ঘােষণা আৰু গােহত্যা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰণৰ ব্যৱস্থা কৰক ।৩ । অসমত ধর্মান্তৰকৰণকে ধৰি খ্রীষ্টান মিছনেৰীৰ সকলাে কার্যকলাপ নিষিদ্ধ কৰক ।.৪৷ সকলাে হিন্দুকে ধৰি ভাৰতীয় নাগৰিকত্ব প্রদান কৰক ।৫৷ কঠোৰ হাতেৰে লাভ জেহাদ বন্ধ কৰক । আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবল বিনীতা বড়ােৰ নিলম্বন তৎকালে প্রত্যাহাৰ কৰক । ৬৷বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বাতিল কৰি ১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ নতুন এন আৰ চি প্রস্তুত কৰাৰ ব্যবস্থা কৰক ৷ ৭ ৷ অসমৰ সকলাে সত্র , মঠ - মন্দিৰ ,দেৱালয়ৰ বেদখলীকৃত মাটি সোনকালে বেদখল মুক্ত কৰক ৷
ধর্মঘটৰ শেষত ওপৰােক্ত দাবী সমূহ সন্নিবিষ্ট এখন স্মাৰক পত্ৰ বৰপেটা জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় । এই কাৰ্যসূচীত সেনাৰ ৰাজ্যিক সাধাৰণ সম্পাদক কাঞ্চন দেৱনাথ , প্রচাৰ সম্পাদক ভাস্কৰজ্যোতি বৰ্মন , বিত্ত সম্পাদক বিকাশ কুমাৰ শৰ্মা আৰু অন্যান্য সেনাসকল উপস্থিত থাকে ।
- Log in to post comments
- 3 views