শিৱসাগৰ আৰু তেজপুৰক ঐতিহ্য চহৰলৈ ৰূপান্তৰ কৰা হ'ব- কেশৱ মহন্ত

kaliyabar

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰৰ প্রতিবেদন :


ঐতিহ্য হৈছে এটা জাতিৰ পিতৃ স্বৰূপ| ঐতিহ্য অবিহনে এটা জাতি আগুৱাই যোৱাটো অসম্ভৱ।সেয়েহে আমি আমৰ ঐতিহ্যপূৰ্ণ সম্পদ সমূহ সংৰক্ষিত কৰি ৰখাৰ লগতে লুপ্তপ্ৰায় সম্পদ সমূহ উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰিব লাগিব - এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। শুকুৰবাৰে কলিয়াবৰৰ আমনিস্থিত ৰাজ্যিক গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ঐতিহ্য সজাগতা সভাত প্ৰত্নতত্ত্ব বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এইদৰে মত ব্যক্ত কৰে। অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা এই ঐতিহ্য সজাগতা সভাত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰ্যৱেশিত কৰাৰ বাবে এক আঁচনি লৈছে আৰু ইয়াৰ বাবে চৰকাৰে ২৫ কোটি টকা ধাৰ্য কৰিছে। ইফালে বহু ঐতিহাসিক ক্ষেত্ৰ বিভিন্ন লোকে দখল কৰি আছে এই সমূহ দখল মুক্ত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছে লগতে বট্ৰদবা থানৰ ওচৰে-পাজৰে থকা বেদখলকাৰী সকলক ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু থান খনৰ উন্নয়নৰ বাবে চৰকাৰে ঘোষিত ধন ইতিমধ্যে মোকলাই দিছে বুলিও মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিব দিয়ে। ইফালে কলিয়াবৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাবে গঢ়ি তুলিবৰ বাবে ইয়াৰ ঐতিহাসিক সমল সমূহ সংৰক্ষণ কৰাৰ লগতে হাতীমুৰাত ঐতিহাসিক সম্পদ ৰাজিৰে এখন উদ্যান বনোৱা হ'ব বুলিও জানিব দিয়ে।kliyabar

বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাবে ভাষণ দিয়ে প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালিকা ডঃ দিপীৰেখা কুলী,  কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ,  প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন অধ্যাপিকা ডঃ শীলা বৰা, বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ নৃপেন দাস, কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক নবীন বৰঠাকুৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উক্ত সভাত ভাষণ প্ৰদান কৰে। সভাত এখন গ্ৰন্থও উন্মোচন কৰা হয়।

Your Comments