পশ্চিম বড়িগোগ ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

পশ্চিম বড়িগোগ ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু বাৰ্ষিক অধিবেশনখন পশ্চিম বড়িগোগ আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ত আজি অনুষ্ঠিত হয় ।

অধিৱেশনত পশ্চিম বড়িগোগ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সদ্যঘোষিত হাইস্কুল, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয় ।

কাৰ্যসূচী অনুযায়ী পুৱা পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিজিত কলিতাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ।

পশ্চিম বড়িগোগ ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

ইয়াৰ পিছতে অসম আন্দোলনৰ বীৰ ছহিদ বাবুল মজুমদাৰৰ মাতৃ ফেচীবালা মজুমদাৰ আৰু পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ কলিতাই ছহিদ তৰ্পণ কৰে ।

বিজিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু বিশেষ অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে ।

ভাষণ প্ৰসংগত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱাৰ আগেয়ে মানুহ হ'বলৈ আহ্বান জনায় ৷ আমাৰ শিক্ষা ব্যৱস্থাই এচাম মানৱ সম্পদক সমাজৰ পৰা একাষৰীয়া কৰি লৈ গৈ আছে বুলি মন্তব্য কৰি কয় যে যিকোনো কাম কৰাৰ আগত আত্মবিশ্বাস থাকিব লাগিব ৷

তেতিয়াহে জীৱনত সফলতা আনিব পাৰিব । ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে সমাজখনৰ প্ৰতিও দায়বদ্ধ হ'বলৈ তেখেতে কয় ।
অভিনন্দন অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

বাসৱ কলিতাই কয় যে মোবাইলে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত যথেষ্ঠ প্ৰভাৱ পেলাইছে । বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণতকৈ মোবাইলত বেছি গুৰুত্ব দিয়াৰ ফলত শিক্ষা গ্ৰহণত প্ৰভাৱ পৰিছে ।

লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকলে আত্মবিশ্বাস লৈ আগবাঢ়িলে সফলতা আহিবই । ছাত্ৰ-ছাত্ৰীসকলক ঋণাত্মক মনোভাবেৰে কোনো কথা চিন্তা কৰিব নালাগে বুলিও তেখেতে উল্লেখ কৰে ৷

সততাৰে ছাত্ৰ-ছাত্ৰীসকলক কৰ্মক্ষেত্ৰত দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈও তেওঁ আহ্বান জনায় । অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে টকাৰে সকলো কিনিব পাৰিলেও সময় কিনিব নোৱাৰি ।

পশ্চিম বড়িগোগ ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

ছাত্ৰ-ছাত্ৰীসকলক হিমা দাসৰ আৰ্দশেৰে আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় । লগতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক এন আৰ চিৰ ক্ষেত্ৰত ৰাজনীতি নকৰিবলৈও সকীয়াই দিয়ে ।

অনুষ্ঠানটোত এমট্ৰনৰ সহঃপ্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থয়েও শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । আজিৰ অভিনন্দন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

অভিনন্দন অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা, সাধাৰণ সম্পাদক হেমন্ত দাস, উপদেষ্টা ধীৰাজ ৰাজবংশী, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, সাধাৰণ সম্পাদক ভৱজ্যোতি ডেকা, শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান প্ৰমুখ্যো ভালেসংখ্যক আছু নেতা উপস্থিত থাকে ।

সন্ধিয়া অনুষ্ঠিত হোৱা বিষয় বাছনি সভাত বিজিত কলিতাক সভাপতি, পাৰ্থপ্ৰতিম শৰ্মাক সাধাৰণ সম্পাদক, সীমান্ত কলিতাক বিত্ত সম্পাদক, ৰিপণ কলিতা আৰু ত্ৰিলোচন কলিতাক শিক্ষা সম্পাদক হিচাপে লৈ ৫১জনীয়া এখন সমিতি গঠন কৰা হয় ।
 

Your Comments