ডিমৌত এন আৰ চি  সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কংগ্ৰেছ দলৰ

congress

ডিমৌৰ পৰা অভিজিত গগৈৰ প্ৰতিবেদনঃ

অহা ২২ ছেপ্টেম্বৰ দেওবাৰে  পুৱা ৯ বাজি ৩০ মিনিটত ডিমৌ কমামি ভৱনৰ সভাকক্ষত শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত এন আৰ চিত নাম অন্তৰ্ভুক্ত আৰু  আইনী সাহায্য  সন্দৰ্ভত  এখনি সজাগতা সভা আহ্বান কৰিছে । উক্ত সভাত বিশিষ্ট  অতিথি হিচাবে উপস্থিত থাকিব  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ  উপ সভাপতি  হামিদুৰ ৰহমান আৰু যোৰহাট জিলা কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ  সভাপতি  মৃত্যুঞ্জয় দুৱৰা।  থাওৰা সমষ্টিৰ  অন্তৰ্গত যি সকল ভাৰতীয়  নাগৰিকৰ নাম এতিয়ালৈকে  এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা নাই সেইসকলক উক্ত সভাত  উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ আহ্বায়ক  চন্দন জ্যোতি ফুকনে।

Your Comments