বটদ্ৰবাৰ পৰা নিপন নাথৰ প্রতিবেদন :
নগাওঁ জিলাৰ ধিঙত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা। নিজ পুত্ৰক পাশৱিক অত্যাচাৰ কৰি হত্যা কৰিলে পাষাণ মাতৃ অাৰু ভিনিহিয়েকে । শুকুৰবাৰে দেৰমাহ ধৰি নিৰুদ্দেশ হৈ থকা বিতোপন দাসৰ মৃতদেহ ঘৰৰ পিছফালে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ।অভিযোগ অনুসৰি দেৰমাহ পুৰ্বে নিশা পুত্ৰ বিতোপনক অমানশিক অত্যাচাৰ কৰি হত্যা কৰে নিজ মাতৃ বিবি দাস অাৰু ঘৰ জোৱাই তথা টেট শিক্ষক কিশোৰ কুমাৰ ডেকাই হত্যা কৰি ঘৰৰ পিছফালে পুতি থয়।বহুদিন ধৰি যুৱকজনক গাৱত দেখা নোপোৱাত সন্দেহ হয় স্থানীয় লোকৰ । বিতোপন কামৰ সন্ধানত বাহিৰত যোৱা বুলি মাতৃয়ে ৰাইজক জনায় । পুত্ৰ বিতোপন ঘৰৰ পৰা একেবাৰে গুছি যোৱা বুলিও দুই এজন গাৱৰ লোকক অৱগত কৰে মাতৃয়ে । কিন্তু অাজি মৃতদেহটো ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে । তাৰপিছতেই গাৱঁৰ লোকে হত্যাকাৰীৰ ঘৰ-দুৱাৰ ভাঙি অাচবাব জ্বলাই দিয়ে ।
পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ধিং অাৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিতোপনৰ মাতৃ অাৰু ভণীয়েকক অাটক কৰি ধিং থানালৈ লৈ অানে । পৰিস্থিতি বৰ্তমানেও উত্তপ্ত হৈ আছে। জানিব পৰা মতে মাতৃ পেশাত এগৰাকী মদ বেপাৰী ।পুত্ৰ বিতোপনে মদ বিক্ৰী কৰিবলৈ মানা কৰি আহিছিল মাতৃক ।ইয়াকে লৈ ঘৰখনত প্ৰায়েই কাজিয়াৰ সৃষ্টি হৈছিল ।
যাৰবাবেই পুত্ৰক এনেদৰে হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । অানহাতে বিতোপনৰ হত্যাত গাওঁবুঢ়া তথা মোমায়েক ডিম্বেশ্বৰ দাসো জড়িত থকাৰ অভিযোগ কৰিছে স্থানীয় লোকে । একাংশ লোকে গাওঁবুঢ়াৰ ঘৰৰ অাচবাবো জ্বলাই দিয়ে । উল্লেখ্য যে মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে পলায়ন কৰে অভিযুক্ত ঘৰ জোৱাই কিশোৰ কুমাৰ ডেকা ।
- Log in to post comments
- 24 views