ডবকা আৰক্ষীৰ জালত মৰেল পুলিচ

dabka

ডবকাৰ প্ৰতিবেদক :

চাংমাজীৰ তিনি কিশোৰক নাৰিকল চুৰিৰ অভিযোগত গছত বান্ধি নিৰ্মম বাবে প্ৰহাৰ কৰা ঘটনাৰ মূল অভিযুক্ত জাকিৰ হুছেইনক শুকুৰবাৰে ডবকা আৰক্ষীয়ে কাৰায়ত্ব কৰি জেল হাজতত প্ৰেৰণ কৰে।অভিযুক্তৰ স্বীকাৰুক্তি মতে কিশোৰ কেইজনৰ পৰিয়ালৰ লোকে তেওঁক আইন হাতত তুলি লবলৈ বাধ্য কৰিছিল। ঘটনাৰ লগত জড়িত বাকী কেইজন আচামী বৰ্তমানলৈকে পলাতক অৱস্হাত আছে।

ডবকা আৰক্ষীয়ে বাকীকেই জন আচামীক বিচাৰি জোৰদাৰ তদন্ত অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে।
 

Your Comments