শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
কোচ ৰাজবংশী খিলঞ্জীয়া ৰাইজৰ ৫৬ হাজাৰ ভূমিপুত্ৰৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নোহোৱাৰ প্ৰতিবাদত আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্থাই শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰে শিৱসাগৰত।
শিৱসাগৰৰ প্ৰগতি চাৰিআলি, ষ্ট্যেচন চাৰিআলি, দ’লমুখ চাৰিআলিকে আদি কৰি চহৰৰ বিভিন্ন স্থানত বন্ধৰ সমৰ্থকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি বন্ধ সফল কৰিবলৈ চেষ্টা চলায়।
বন্ধৰ সমৰ্থক সকল পুৱা ৫ বজাত ওলাই আহি যান বাহন চলাচল বন্ধ কৰি দিয়াৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ বন্ধ কৰি দিয়াত স্তব্ধ হৈ পৰে শিৱসাগৰ চহৰ। দুই এক ব্যক্তিগত যান-বাহনৰ বাহিৰে চৰকাৰী বে-চৰকাৰী বাহন চলাচল সম্পূৰ্ণ বন্ধ দেখা গ'ল শিৱসাগৰৰ ৰাজপথত। আনহাতে ব্যৱসায়ী প্ৰতিষ্ঠান, দোকান পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰা দেখা গ'ল। চৰকাৰী বে-চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা দেখা গ'ল।
- Log in to post comments
- 4 views