আক্ৰাছুৰ ১২ ঘন্টীয়া অসম বন্ধঃ বঙাইগাঁৱত সৰ্বাত্মক প্ৰভাৱ 

akrasu

বঙাইগাঁও :

ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰা আৰু এন আৰ চি ৰ পৰা বাদ পৰা ভূমিপুত্ৰ কোচ ৰাজবংশীসকলকৰ নাম বিনাচৰ্তে অন্তৰ্ভূক্ত কৰাৰ দাবীত শুকুৰবাৰে আক্ৰাছু, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম তথা কমতাপুৰ বন্ধৰ প্ৰভাৱ বঙাইগাঁৱত সৰ্বাত্মক ৰূপত পৰে ৷ বন্ধৰ সময়ত বঙাইগাঁও চহৰৰ দোকান- পোহাৰ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বেচৰকাৰী কাৰ্যালয়- প্ৰতিষ্ঠান, বেংক আদি বন্ধ থকা পৰিলক্ষিত হয় ৷ সেইদৰে বন্ধ থাকে ৰাজ পথত যান- বাহনৰ চলা-চল ৷ চৰকাৰী কাৰ্যালয়সমূহ নাম মাত্ৰ খোলা থাকে যদিও পৰিৱেশ আছিল নিমাও মাও ৷ কাৰ্যালয়সমূহত বিষয়া- কৰ্মচাৰীৰ উপস্থিতি আছিল সেৰেঙা ৷ ইপিনে পুৱাৰ ভাগত বন্ধৰ সমৰ্থকে বঙাইগাঁও চহৰৰ মহাবীৰস্থান, পাগলাস্থানৰ নীড় হোটেলৰ ওচৰত আৰু দেউৰীপাৰা কাঠলতলীৰ মূল ৰাজ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠক আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়প্ৰকাশ বৰ্মণে এক প্ৰেছ বিবৃতিত পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ৰাজনৈতিকভাৱে সমস্যাটোৰ সমাধান কৰিবলৈ দাবী জনায় ৷ লগতে এন আৰ চিত বাদ পৰা সকলো কোচ ৰাজবংশী লোকৰ নাম বিনাচৰ্তে অন্তৰ্ভুক্তি কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায় ৷ জিলা আক্ৰাছুৱে বিবৃতিটোত ১৯৫১ চনৰ সকলো নথি-পত্ৰ থকাৰ পিচতো কিয় ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ নাম এন আৰ চি ত অন্তৰ্ভুক্ত নহ'ল বুলি উল্লেখ কৰি এয়া এক ষড়যন্ত্ৰ বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ আনহাতে বন্ধৰ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে জিলা সমিতিৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকদ্বয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে আক্ৰাছুৱে আহ্বান জনোৱা বন্ধ প্ৰভাৱ সমগ্ৰ জিলাখনতে পৰে ৷

Your Comments