বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন :
ভাৰতীয় জনতা পাৰ্টিৰ পূৱ বিধান সভা সমষ্টিৰ উদ্যোগত বিলাসীপাৰা ৰাজহুৱা খেল পথাৰত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় একতা অভিযানৰ লগত সংগতি ৰাখি এক জন জাগৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাখনত সংবিধান অনুচ্ছেদৰ ৩৭০ বাতিলৰ বিভিন্ন দিশ সন্দৰ্ভত ভাষণ প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটৱাৰী, গোলগঞ্জ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশ্বিনী ৰায়,বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে। উল্লেখ্য যে সভাত উপস্থিত থাকে বিজেপি দলৰ ধুবুৰী জিলা কমিটিৰ সভাপতি সুধীৰ চন্দ্ৰ ৰায় ,আৰু বিভিন্ন পৰ্য্যায়ৰ দলীয় কৰ্মকৰ্ত্তা সকলৰ লগতে সভাত প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজৰ সমাগম হয় । মনকৰিবলগীয়া যে সভাত উপস্থিত থকা সকলো ৰাইজৰ বাবে ভোজ -ভাতৰো ব্যৱস্থা কৰে।
- Log in to post comments
- 5 views