সোণাৰিৰ পৰা ঘন বৰা
দেশৰ অন্যান্য ঠাইৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে। ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ চুঙী লুখুৰাখন অংগনবাড়ী কেন্দ্ৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকি চৰাইদেউ অসামৰিক চিকিৎসালয়ৰ অধীনৰ সাপেখাতী সংহত শিশু উন্নয়ন প্ৰকল্পৰ মহিলা স্বাস্থ্য তত্বাৱধায়িকা ৰূপদা কোঁৱৰ কাকতিয়ে অংগনবাড়ী কেন্দ্ৰটোৰ অভিভাৱিকাসকলৰ সন্মুখত পোষণ মাহৰ তাৎপৰ্য বিশ্লেষণ কৰাৰ লগতে শিশু তথা গৰ্ভৱতী মাতৃৰ স্বাস্থ্য ৰক্ষা সন্দৰ্ভত ভাষণ প্ৰদান কৰে। চৰাইদেউ অসামৰিক চিকিৎসালয়ৰ এএনএম স্বৰ্ণ দত্ত কোঁৱৰেও স্বাস্থ্য সুৰক্ষা তথা পোষণ মাহ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। আনহাতে, ত্ৰিছগৰাকী শিশু থকা অংগনবাড়ী কেন্দ্ৰটোলৈ ৰূপদা কোঁৱৰ কাকতিয়ে বিদ্যুৎ সংযোগ থকা এখন বিজুলী পাংখা প্ৰদান কৰা সজাগতা সভাখনত লুখুৰাখন (ন জবকা) গাঁৱৰ গাওঁবুঢ়া হৰেন ফুকন, পঞ্চায়ত সদস্য বিপিন গগৈ, সমাজকৰ্মী তথা গাওঁৰক্ষী বাহিনীৰ সম্পাদক সোণাবৰ গগৈ উপস্থিত থাকি পোষণ মাহ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
- Log in to post comments
- 22 views