ছ'নী টিভিৰ ৰিয়েলিটী শ্ব' 'ছুপাৰষ্টাৰ ছিংগাৰ'ৰ অষ্টম স্থানত হৰ্ষিত:গৃহ চহৰ শিৱসাগৰত বিপুল আদৰণি

Sib

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

ছ'নী টিভিৰ ৰিয়েলিটী শ্ব' 'ছুপাৰ ষ্টাৰ ছিংগাৰ'ত স্বপ্ৰতিভাৰে উজলিছে অসম সন্তান হৰ্ষিত নাথ। দশম স্থানৰ পৰা উন্নীত হৈ এতিয়া হৰ্ষিতে প্ৰৱেশ কৰিলে অষ্টম স্থানত।হৰ্ষিতৰ যাদুকৰী কণ্ঠত মোহিত হোৱা অসম তথা সমগ্ৰ ভাৰতবাসীয়ে ভোটিং প্ৰক্ৰিয়াৰ জড়িয়তে অষ্টম স্থানলৈ উন্নীত কৰিলে শিল্পীগৰাকীক।

Sib

 হৰ্ষিত বৃহস্পতিবাৰে গৃহজিলা শিৱসাগৰত  উপস্থিত হয়।মুম্বাইৰ পৰা ১২.৩০ বজাত বিমানেৰে যোৰহাটত আহি উপস্থিত হয়।যোৰহাটৰ পৰা আমগুৰি হৈ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত উপস্থিত হয়হি। ৰংঘৰৰ সন্মুখত বিভিন্ন দল- সংগঠন তথা অনুৰাগীয়ে সম্বৰ্দ্ধনা জনাই হৰ্ষিতক।ৰংঘৰৰ বাকৰিৰ পৰা ঐক্য সেনা,অসমৰ সদস্যসকলে সমদল কৰি দ'লমুখ চাৰিআলিত থকা ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত উপস্থিত হৈ এগচি বন্তি জ্বলাই ভূপেনদাৰ আৰ্শীবাদ লয় আৰু সমগ্ৰ শিৱসাগৰ তথা অসমবাসীৰ পৰা মৰম আৰু আৰ্শীবাদ বিচাৰে,যাতে হৰ্ষিতে শীৰ্ষ স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। উল্লেখ্য যে এই ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখতেই ৪ বছৰৰ আগতে হৰ্ষিতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই আয়োজন কৰা ভূপেনদাৰ মৃত্যু দিৱস উপলক্ষৰ গীতৰ অনুষ্ঠানত উদ্যোক্তা সকলক হৰ্ষিতে ভূপেন্দ্ৰ সংগীত এটা গাব দিবলৈ অনুৰোধ জনাইছিল আৰু 'আকাশী গংগা বিচৰা নাই' শীৰ্ষক গীত পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰিছিল। সেই সময়ত হৰ্ষিতৰ বয়স মাত্ৰ ৪ বছৰ আছিল।

Your Comments