বঙাইগাঁও জিলাৰ মালেগড়ত 'মেগা স্বাস্থ্য সেৱা শিবিৰ' অনুষ্ঠিত

Nn

বঙাইগাঁৱৰ প্ৰতিবেদক

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম খণ্ডৰ অন্তৰ্গত মালেগড়ত বৃহস্পতিবাৰে এটা মেগা স্বাস্থ্য সেৱা শিবিৰৰ জৰিয়তে ১২ শতাধিক লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয়৷ সৃজনগ্ৰাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত মালেগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই মেগা স্বাস্থ্য সেৱা শিবিৰ মুকলি কৰে দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৱে৷ উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী,জিলা শিশু সুৰক্ষা বিষয়া মুস্তাফা হুছেইন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহঃ কাৰ্যবাহী অভিযন্তা এছ সূত্ৰধৰ, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া(মুখ্য কাৰ্যালয়)ৰ লগতে সৃজনগ্ৰাম মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, উত্তৰ শালমাৰা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকল উপস্থিত থাকে৷ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি মেঘনিধি দাহালে নিৰোগী হৈ থকাৰ ক্ষেত্ৰত সুষম আহাৰ আৰু স্বচ্ছতাত গুৰুত্ব আৰোপ কৰে৷আনহাতে,স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ বৃদ্ধিত উদ্বেগ প্ৰকাশ কৰে৷ লগতে অসংক্ৰমিত ৰোগ,যেনে কেন্সাৰৰ বৰ্ধিত হাৰৰ ক্ষেত্ৰতো তেওঁ দৃষ্টি আকৰ্ষণ কৰে৷ সেইদৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে স্বাস্থ্য বিভাগৰ আঁচনিসমূহৰ উদ্দেশ্য ব্যাখ্যা কৰি ইয়াৰ সুবিধা ল'বলৈ ৰাইজক আহ্বান জনায়৷ইফালে,জিলা শিশু সুৰক্ষা বিষয়া মুস্তাফা হুছেইনে বাল্যবিবাহ আৰু কিশোৰীৰ গৰ্ভধাৰণৰ সমস্যাত আলোকপাত কৰে৷ একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানীৰ নমুনা পৰীক্ষা কৰাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰৰ বিষয়ে ৰাইজক সজাগ কৰে৷ উল্লেখ্য যে এই শিবিৰৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ মুঠ ১,২৪০ গৰাকী লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়৷ ৰাইজক সজাগ কৰাৰ বাবে প্ৰদৰ্শন কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিভিন্ন আঁচনিৰ ষ্ট'লৰ লগতে মাইকযোগে প্ৰচাৰ চলোৱা হয়৷ তদুপৰি,পোষণ মাহ চলি থকা বাবে পোষণৰো পৃথক ষ্ট'ল প্ৰদৰ্শন কৰা হয় ৷ ইফালে, ইয়াৰ পূৰ্বে 'আয়ুষ্মান ভাৰত পষেক'ৰ লগত সংগতি ৰাখি পাচনীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা মালেগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ এক প্ৰভাত ফেৰী আৰু ৱাকাথনৰ আয়োজন কৰা হয়৷ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে এই ৱাকাথনৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে অহা ২৩ ছেপ্টেম্বৰত সম্পূৰ্ণ হ’বলগীয়া 'আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা'ৰ প্ৰথম বাৰ্ষিকী উপলক্ষে ১৫-৩০ ছেপ্টেম্বৰলৈ আয়ুষ্মান ভাৰত পষেক পালন কৰা হ’ব৷

Your Comments