শিলাদিত্যৰ  বিষ্ফোৰণ - এন আৰ চিৰ নাম সলনি কৰি এন পি আৰ কৰিব লাগে,য'ত থাকিব  স্বদেশী  বিদেশী সকলোৰে নাম

marigaon

লাহৰীঘাটৰ প্রতিবেদক :

লাহৰীঘাটৰ ভূৰাগাঁৱত বঙালী পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত  অংশ লৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিলে বিধায়ক শিলাদিত্যই। বিধায়ক গৰাকীৰ মতে এন আৰ চিৰ কোনো মূল্য নাই। এন আৰ চিয়ে চৰকাৰী  সকলো কাগজ পত্ৰ মূল্যহীন কৰিলে। ১৯৭১চনৰ পাছত  অসমলৈ অহা লোক স্বদেশী হ'ল আৰু পঞ্চাশ চনতে অহা লোকো বিদেশী হল কাগজৰ অভাৱত। এন আৰ চিৰ নাম সলনি কৰি ইয়াক  এন পি আৰ অথাৎ নেচনেল পপুলেশ্বন ৰেজিষ্টাৰ বুলি ঘোষনা কৰিব লাগে। সেই ৰেজিষ্টাৰত বিদেশী স্বদেশী সকলোৰে নাম থাকিব। সকলোৰে বাবে  আধাৰ কাৰ্ডৰ প্ৰথমে ব্যৱস্হা হ'ব লাগে। তাৰ পাছত এন আৰ চি। অকাৰণত এন আৰ চিৰ নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় যিহেতু হলেই সেয়ে  হাজেলাৰ এন আৰ চি খন এন পি আৰ হিচাবে চৰকাৰে ঘোষনা কৰক। এন আৰ চিত বহু কোটি টকীয়া খেল হৈছে। আৰবীয় দেশলৈকো সন্দেহৰ আঙুলি  শিলাদিত্যৰ। খীলঞ্জীয়াক বিদিশী সজোৱা এন আৰ চি মুল্যহীন।  এন আৰ চিৰ পৰা বাদ পৰা সকলো হিন্দুক নিৰ্ভয় দি গল শিলাদিত্যই।

Your Comments