দৈচপৰাৰ ব্যৱসায়ী যুৱকৰ গড়চুকত মৃত্যু

doi sapra

নৰেন শৰ্মা,বাহাৰঘাট :

কামৰূপ জিলাৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত দৈচপৰা গাওঁৰ ৺অনন্ত লহকৰৰ দ্বিতীয় পুত্ৰ তুলতুল লহকৰৰ(৪৫)যোৱা ১৩ চেপ্তেম্বৰ নিশা গুৱাহাটীৰ গড়চুকত থকা নিজা ঘৰত মৃত্যু হয়৷ উল্লেখযোগ্য যে তেওঁৰ জন্ম গাওঁ দৈচপৰাৰ পৰা গৈ ২৫ বছৰতকৈ বেচি সময় ব্যৱসায় কৰি গুৱাহাটীতে প্ৰতিষ্ঠা লাভ কৰিছিল তুলতুলে৷আনকি গড়চুক অঞ্চলত যথেষ্ট জনপ্ৰিয়ও আছিল প্ৰয়াত লহকৰ৷উল্লেখযোগ্য যে যোৱা ১৩ চেপ্তেম্বৰ নিশা নিজ ব্যৱসায় সামৰি তেওঁ গড়চুকত থকা নিজা ঘৰত শুই আছিল৷কিন্তু দুৰ্ভাগ্যজনক যে সেইদিনা তেওঁ নিশাৰ আহাৰ গ্ৰহন কৰি শুই থকাৰ পিচত ৰাতিপুৱা পৰিয়ালৰ লোকে তেওঁক মৃত অৱস্থাত বিচনাত প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায়৷ অবিবাহিত লহকৰে মৃত্যুৰ সময়ত মাতৃ সহ তিনিজন ভাই ককাই নবৌয়েক ভাই বোৱাৰী আৰু ভতিজাৰ লগতে অজস্ৰ গুনমুগ্ধক ইহ সংসাৰত এৰি যায়৷মনকৰিবলগীয়া যে জনপ্ৰিয় ব্যৱসায়ী লহকৰৰ মৃতদেহ সৎকাৰত গড়চুকৰ সকলো হিন্দু মুছলমান লোকে সহযোগ কৰে।

Your Comments