মাহমৰাৰ গৰৈমাৰীত অভিলাষী ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰী সোণোৱালৰ

sonowal

নিউজ ডেস্ক :

অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ উত্তৰনীৰ অধীনত চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা গৰৈমাৰীত নিৰ্মাণ হ'বলগীয়া অভিলাষী ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰায় ৪২ বিঘা মাটি সামৰি দহ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই অভিলাষী ক্ৰীড়া প্ৰকল্পৰ। আজি মাহমৰা গৰৈমাৰীত অনুষ্ঠিত হোৱা শিলান্যাস অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ লগতে বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। আনহাতে এই অনুষ্ঠানতে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্ম-সহায়ক গোটলৈ ঘূৰ্ণীয়মান পুঁজি, বেংক ঋণ আৰু সামুহিক বিনিয়োগ পুঁজিৰ অনুদান পত্ৰ  বিতৰণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

Your Comments