লোহিত খাবলুৰ চানং-কুলামুৱা পথৰ ছিগা অংশৰে সোমাই অহা ভদীয়া বানৰ  কৱলত শ শ খেতি-পথাৰ

lohit

নিউজ এ এছ এন, মাজুলী :

শেহতীয়াকৈ হিমালয় তথা ইয়াৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি, খেৰকটীয়া নৈত বৃদ্ধি পোৱা ভদীয়া বানৰ পানীৰ কৱলত পৰিছে লখিমপুৰ জিলাৰ লোহিত খাবলুৰ কুৰিখন গাঁও তথা খেতি পথাৰ । উল্লেখ্য যে লখিমপুৰ জিলাৰ লোহিত খাবলু গাঁও পঞ্চায়তৰ অন্তৰ্গত চানং-কুলামুৱা সংযোগী পথৰ বৃহৎ অংশ লোহিতৰ বলিয়া বানে উটুৱাই নিয়ে যোৱা ২৬ জুলাইত । পথছোৱাত প্ৰায় ষাঠি মিটাৰ অংশত বহল হৈ পৰা এই উন্মুক্ত অংশইদি লোহিত খাবলুৰ অভ্যন্তৰভাগলৈ তীব্ৰ সোতত সোমাই অহা শেহতীয়া ভদীয়া বানৰ পানীয়ে কুলামুৱা, মৰলীয়া, নামনি মৰলীয়া, হস্তিনাপুৰ, কাম্বং,বৰুণচুক,তামূলঘূলি,ডাম্বুকিয়াল, দুঘৰীয়া, চেলেক, ললিতি মৰাং, উত্তৰ ডাম্বুকিয়াল, যোগীবাৰী, বৰালিমৰা, পাঠৰিচুক আদিকে ধৰি প্ৰায় কুৰিখন গাঁৱত বৰ্তমান প্লাবিত হৈছে বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে বিভিন্ন অনুষ্ঠানৰ লগতে নামনি মৰলীয়া প্ৰাথমিক হোৱা পানীৰ বাবে পাঠদান ব্যাহত হয় ।lohit

তদুপৰি শ শ বিঘা ভূমিৰ শালি ধান,বাও খেতি, মাটি মাহ ভদীয়া বানে প্লাবিত কৰাৰ ঘটনাই খেতিয়ক সকলৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । উল্লেখ্য যে চলিত বৰ্ষৰ প্ৰথমটো বানে লোহিত খাবলুবাসীৰ আৰ্থ-সামাজিক তথা খেতি পথাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ যোৱাৰ পিছত অৱশিষ্ট লাম লাকটুৰ কঠিয়াৰে পুনৰ খেতি আৰম্ভ কৰিছিল মাথোঁ কিন্তু পুনৰ ভদীয়া বানে খেতিয়কৰ ৰাজহাড়ত প্ৰচণ্ড আক্ৰমণ চলালে । ইপিনে ধাৰাষাৰ বৰষুণ অব্যাহত থকালৈ চাই এই ভদীয়া বানৰ মত্ৰা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

Your Comments