বৰপেটাৰোডত বিজেপিৰ "সেৱা দিবস" কাৰ্যসূচী পালন

barpeta rd

বৰপেটাৰোডৰ পৰা ৰঞ্জিত  তালুকদাৰৰ প্রতিবেদন :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটাৰোড নগৰ মণ্ডলৰ উদ্যোগত 'সেৱা দিবস পালন'কাৰ্যসূচী পালন কৰে।কাৰ্যসূচী মতে ৰাতিপুৱা ১০-০০বজাৰ পৰা বৰপেটাৰোডৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ স্মৃতি শিশু উদ্যানৰ পৰা চাফাই অভিযান আৰম্ভ কৰে পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথে।উক্ত অভিযানত অংশগ্ৰহণ কৰে প্ৰাক্তন পৌৰপতি দিলীপ সাহা,উপ-পৌৰপতি ফুলেন দাস,বৰপেটা জিলা বিজেপিৰ সম্পাদক বুবুল দেউৰী, ফনী পাঠকৰ লগতে বৰপেটাৰোড বিজেপি মণ্ডলৰ ভালেসংখ্যক কৰ্মকৰ্তায়ো অংশগ্ৰহণ কৰে।

Your Comments