মৰিগাঁৱত ভ্ৰাম্যমাণ "আমাৰ দোকান" উদ্ধোধন : ৩ জন যুৱকলৈ ৰাজ সাহায্য যুক্ত ই- ৰিক্সা প্ৰদান

marigaon

মৰিগাঁৱৰ পৰা জিতুমনি নামৰ প্রতিবেদন :

অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ বহু প্ৰত্যাশিত আৰু জনহিতৈষী আঁচনি "ভ্ৰাম্যমাণ আমাৰ দোকান" মঙলবাৰে মৰিগাঁও জিলাত শুভউদ্ধোন কৰা হয়। মৰিগাঁও উপায়ুক্ত কায্যালয়ৰ চৌহদত এই উপলক্ষে অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত ৩ জন নিৱনুৱা যুৱকক ৩ খন ৰাজসাহাৰ্য্য যুক্ত  ই- ৰিক্সা বিতৰণ কৰা হয়। জিলা উপায়ুক্ত কায্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু ৰাইজৰ উপস্থিতিত জিলা উপায়ুক্ত ঋতুৰাজ বৰাই আঁচনি খন উদ্ধোধন কৰি দিয়া ভাষণত কয় মৰিগাঁও জিলাৰ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ প্ৰচেষ্টাত ৰূপায়ণ কৰা আঁচনি খনৰ জৰিয়তে গ্ৰাহক ৰাইজ  প্ৰত্যক্ষ ভাবে উপকৃত হ'ব। 

e rikhyaগ্ৰাহকে নিজৰ ঘৰত থাকিয়ে কম মূল্যৰ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। তদুপৰি এই আঁচনিখনে নিবনুৱা যুৱক সকলক ব্যৱসায় কৰিবলৈ উৎসাহিত আৰু লাভান্বিত কৰিব বুলি আশা প্ৰকাশ কৰি উপায়ুক্ত গৰাকীয়ে উদ্যোগী যুৱ প্ৰজন্মক এনে আঁচনি সমূহৰ সুযোগ গ্ৰহন কৰিবলৈ আহ্বান জনায়।উদ্ধোধনী  অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,অৰূপ পাঠক, মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক জয়ন্ত কুমাৰ ভূঞা, সহ আয়ুক্ত মৈত্ৰী মৰাণ আদি কৰি জিলা প্ৰশাসন আৰু যোগান বিভাগৰ বিষয়া কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে।

Your Comments