সানেকুছি বৰপুখুৰী পাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱৰ আয়োজনৰ ব্যাপক প্ৰস্তুতি

নৰেন শৰ্মা,বাহাৰঘাট :

বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি বৰপুখুৰী পাৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত অহা সাতৰ পৰা ন-অক্টোবৰলৈ তিনিদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম মহোৎসৱৰ আয়োজনৰ প্ৰস্তুতি চলিছে৷ অহা সাত অক্টোবৰ সন্ধিয়া থাপনা স্থাপন কৰি কাৰ্য্যসূচীৰ মাজেৰে অনুষ্ঠানৰ আৰম্ভণি কৰিব বুলি জানিব পৰা গৈছে৷আঠ অক্টোবৰ পূৱা উষা কীৰ্তন আৰু পূৱাৰ প্ৰসংগৰ পিচতে ধৰ্মধ্বজা উত্তোলন কৰিব উৎসৱ পৰিচালনা সমিতিৰ সভাপতি লোহিত চন্দ্ৰ লহকৰে,বৃক্ষ ৰোপন কৰিব ক্ৰমে ৰাধানাথ লহকৰ,কালিচৰণ লহকৰ আৰু গোপাল নমঃশুদ্ৰই,ভাগৱত লৈ শোভাযাত্ৰা উদ্বোধন কৰিব জলসিঞ্চন বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পুলিন লহকৰে,দুপৰীয়া সম্বৰ্দ্ধনা অনুস্থানত অতিথি হিচাবে অংশগ্ৰহণ কৰিব বিধায়ক নাৰায়ন ডেকাই,সম্বৰ্দ্ধনাৰ পিচতে মাহ-প্ৰসাদ বিতৰণ,সন্ধিয়া বন্তি প্ৰজ্বালন আৰু টোপধ্বনিৰ পিচতে সদৌ অসম আধ্যাত্মিক শিল্পী সমাজ(শিৱসাগৰ)ৰ শিল্পী সকলৰ দ্বাৰা দিহানাম,দেহ বিচাৰ নাম,টোকাৰী গীত আৰু বৃন্দাবনীয়া নাম পৰিবেশন আৰু অন্য অনুস্থান পৰিবেশন কৰিব।উক্ত অনুষ্ঠান পৰিচালনা  কৰিব গবেষক শিল্পী কমলা গগৈয়ে। অনুষ্ঠান উদ্বোধন কৰিব আৰক্ষী আয়ুক্তালয়ৰ পৰিদৰ্শক মনোজ লহকৰে, ইফালে ন অক্টোবৰৰ পূৱা উষাকীৰ্তন,পূৱাৰ প্ৰসংগৰ পিচতে আয়তি সকলৰ নাম অনুষ্ঠিত হ'ব।আয়তিৰ নাম প্ৰতিযোগিতা উদ্বোধন কৰিব সানেকুছি গাওঁ পঞ্চায়তৰ সভাপতি মুনীন্দ্ৰ বেজে।সন্ধিয়া ভাগৱত পাঠ,বন্তি প্ৰজ্বালনৰ পিচতে আমন্ত্ৰিত পাঠকৰ নাগাৰা নাম  উদ্বোধন কৰিব সমাজসেৱক পলাশ ৰঞ্জন চৌধুৰীয়ে৷ইতিমধ্যে উৎসৱ পৰিচালনাৰ বাবে লোহিত চন্দ্ৰ লহকৰক সভাপতি ,হৰেন লহকৰ দিলীপ চৌধুৰীক কাৰ্য্যকৰী সভাপতি,দিব্যজ্যোতি চৌধুৰীক সম্পাদক,সীমান্ত নমঃশুদ্ৰ আৰু ৰূপম লহকৰক সহঃসম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰিছে৷

Your Comments