নামৰূপ মহাবিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসুচী সম্পন্ন

namrup

নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন :

 নামৰূপ মহাবিদ্যালয়ৰ ব’টানিকেল চচাইটি, জুলজিকেল চচাইটি আৰু নামৰূস্থিত চি.এচ.আই.এফ. ইউনিটৰ সহযোগত নামৰূপৰ পথৰ দাঁতিত পৰিৱেশৰ সজাগতামূলক কাৰ্যসুচী হিচাপে মঙলবাৰে বৃক্ষৰোপণ কৰে। নামৰূপ মহাবিদ্যালয়ৰ ব’টানিকেল চচাইটিয়ে অনাগত দিনবোৰত মূল কাৰ্যসুচী হিচাপে মহাবিদ্যালয়ৰ মূল তোৰণৰ পৰা নামৰূপ দেওবৰীয়া বজাৰলৈ যোৱা সম্পূৰ্ণ পথচোৱাৰ কাষত বৃক্ষৰোপণৰ সিদ্ধান্ত লয়। তাৰেই অংশ হিচাপে আজি উদ্ভিদ আৰু প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী,  চি.এচ.আই.এফ. ইউনিটৰ বিষয়া আৰু জোৱানসকলৰ সহযোগত দ্বিতীয় পৰ্য্যায়ৰ বৃক্ষৰোপণৰ কাৰ্যসুচী সম্পন্ন কৰে।দীৰ্ঘদিন ধৰি চালিবলগীয়া এই কাৰ্যসুচীত আয়োজকসকলে নামৰূপৰ সকলো ৰাইজৰ পৰা সহায়-সহযোগিতা কামনা কৰাৰ লগতে  পৰাপক্ষত সকলোকে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত গছ পুলি ৰোপণ কৰি এক সুস্থ আৰু সুস্থিৰ বাতাৱৰণ সৃষ্টিত অৰিহণা যোগাবলৈ আহ্বান জনায়।

Your Comments