নামৰূপ মহাবিদ্যালয়ৰ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ

Yy

নামৰূপৰ পৰা সমীৰণ বৰুৱা

নামৰূপ মহাবিদ্যালয়ৰ ব’টানিকেল ছ'চাইটি, জুলজিকেল চচাইটিয়ে নামৰূস্থিত চিএচআইএফ ইউনিটৰ সহযোগত নামৰূপৰ পথৰ দাঁতিত গছপুুুলি ৰোপণ কৰে। নামৰূপ মহাবিদ্যালয়ৰ ব’টানিকেল ছ'চাইটিয়ে অনাগত দিনবোৰত মূল কাৰ্যসূচী হিচাপে মহাবিদ্যালয়ৰ মূল তোৰণৰ পৰা নামৰূপ দেওবৰীয়া বজাৰলৈ পথৰ কাষত বৃক্ষৰোপণৰ সিদ্ধান্ত লৈছিল। তাৰেই অংশ হিচাপে মঙলবাৰে উদ্ভিদ আৰু প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী,  চিএচআইএফ ইউনিটৰ বিষয়া আৰু জোৱানসকলৰ সহযোগত দ্বিতীয় পৰ্যায়ৰ বৃক্ষৰোপণৰ কাৰ্যসূচী সম্পন্ন কৰে। লগতে,পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত গছপুলি ৰোপণ কৰি এক সুস্থ আৰু সুস্থিৰ বাতাৱৰণ সৃষ্টিত অংশ ল’বলৈ নামৰূপৰ ৰাইজক আহ্বান জনায়।

Your Comments