বিলাসীপাৰাৰ ডঃ জাকিৰ হুছেইন মেমোৰিয়েল এমই মাদ্ৰাছাত ১৯ টা আত্ম সহায়ক গোটৰ  গ্ৰাম্য সংগঠন কমিটি গঠন

dhuburi

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন:

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত শগুনমাৰী গাওঁ পঞ্চায়তৰ কদমতলাত ১৯ টা আত্ম সহায়ক গোটৰ প্ৰতিটোৰে সভাপতি আৰু সম্পাদকে বাছনি কৰি  দিয়া দুগৰাকী কৈ মহিলাক অন্তৰ্ভুক্ত কৰি সোমবাৰে আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন  কমিটিখন গঠন কৰা হয়। উল্লেখ্য যে এই বিশেষ সভাখনত  গ্ৰাম্য সংগঠনটোৰ মজিদা বিবিক সভাপতি আৰু সাহিদা বেগমক সম্পাদক হিচাপে বাছনি কৰি মূল কমিটিখন গঠন কৰা হয়। উক্ত বিশেষ সভা খনত নায়েৰ আলগা ব্লকৰ সমন্বয়ক জাকিৰ হুছেইন ,আব্দুল বাৰেক আদিকে ধৰি দুই শতাধিক মহিলা উপস্থিত থাকে।

Your Comments