নীলপুৰ শাখা ছাত্ৰ সন্থা পুনৰ গঠন 

nilpur

নলবাৰীঃ

নলবাৰী জিলা ছাত্ৰ  সন্থাৰ পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ  অন্তৰ্গত  নীলপুৰ শাখা ছাত্ৰ সন্থা সোমবাৰে পুনৰ গঠন কৰা হয় । এই উদ্দেশ্যে নীলপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে নীলপুৰ শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰাজীৱ হালৈয়ে ।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নীলপুৰ শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক  নিপাংকৰ চৌধুৰীয়ে । আছুৰ দৃষ্টিভংগী ব্যাখ্যা কৰে  পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি  তথা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক  সদস্য ৰঞ্জিত শৰ্মাই ।শুভেচ্ছামূলক বক্তব্য দিয়ে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক কমল ডেকাই ।নয়নমণি হালৈক সভাপতি আৰু বিশাল চৌধুৰীক সাধাৰণ  সম্পাদক হিচাপে লৈ নীলপুৰ শাখা ছাত্ৰ সন্থাৰ  নতুন কমিটিখন গঠন কৰা হয় ।

nilpur উক্ত শাখা গঠন সভাত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি  অমৰজ্যোতি দাস ,সাধাৰণ সম্পাদক হোমেন ৰবিদাস ,সাংগঠনিক সম্পাদক ধনজিৎ কলিতা ,তথ্য আৰু প্ৰচাৰ সম্পাদক গৌতম হালৈ আৰু বিদ্যুৎ বিকাশ দাস উপস্হিত থাকে । সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি উৎপল কলিতাই নীলপুৰ শাখা ছাত্ৰ সন্থাৰ নতুন কমিটি খনক শুভেচ্ছা জনায় ।

Your Comments