বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক

bgn

বঙাইগাঁওঃ 
 
বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাৰ ৩১ নং ঘাই পথত সোমবাৰে পুৱতি  নিশা এক ভংয়কৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাটোৰ ফলত কৰ্তব্যৰত এজন আৰক্ষী কনিষ্টবল থিতাতে নিহত হোৱাৰ লগতে আন এজন কনিষ্টবল গুৰুতৰ ভাৱে আহত হয় । নিহত আৰক্ষী কনিষ্টবলজন মাণিকপুৰ আৰক্ষী থানাত কৰ্মৰত ৰমেজ উদ্দিন আহমেদ আৰু আহত জন কৃষ্ট ৰাম নাথ। নিহত ৰমেজ উদ্দিন আহমেদৰ ঘৰ বঙাইগাঁও জিলাৰ কোকিলাৰ মৌলবীপাৰাত আৰু আহত জনৰ ঘৰ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰাত। জানিব পৰা মতে পুৱতি নিশা মাণিকপুৰ আৰক্ষী থানাৰ এটা দলে বৰবিলাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচী হিচাপে নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্থাত তীব্ৰ গতিত অহা চুপাৰী ভৰ্তি ট্ৰাকখনে কনিষ্টবলজনক মহতিয়াই নি পথৰ কাষত বাগৰি পৰে । ফলত ৰমেজ উদ্দিন নামৰ আৰক্ষী কনিষ্টবলজন থিতাতে নিহত হয় আৰু আন এজন গুৰুতৰ ভাৱে আহত হয়। ট্ৰাকখন কনিষ্টবলজনৰ ওপৰতে বাগৰি পৰে ৷ পিছত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু আৰক্ষীয়ে মৃত আৰক্ষী জোৱানজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা আৰজেঅ ৪ জিবি -৮০৬৯ নম্বৰৰ ট্ৰাকখনে ৪২৩ বস্তা চুপাৰী লৈ হাউলীৰ পৰা কৰ্ণাটকলৈ গৈ আছিল। সম্প্ৰতি ট্ৰাকখন চুপাৰীসহ আৰক্ষীয়ে জব্দ কৰি মাণিকপুৰ আৰক্ষী থানত ৰাখিছে ৷ জানিব পৰা গৈছে যে উক্ত স্থানতে কিছু সময় আগতে কন্টেনাৰ গাড়ী এখন দলঙৰ চাইডৰ বেৰত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হৈ ঘাইপথৰ ওপৰতে বাগৰি পৰে। সেই স্থানত যাতে পুনৰাই কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰবাবে আৰক্ষীয়ে বেৰিকেট বহুৱাই থকা মুহুৰ্ততে ট্ৰাকখনে কনিষ্টবলজনক মহতিয়াই সেই স্থানতে দুৰ্ঘটনাত পতিত হয়। ইপিনে মৃত কনিষ্টবলজনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়া হয়। নিহত কনিষ্টবলজনে পত্নী, এজন পুত্ৰ আৰু এজনী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়। কনিষ্টবলজনৰ এই অকাল বিয়োগত সেই অঞ্চলত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

Your Comments