গোলাঘাট :
অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত প্ৰান্তীয় জ্ঞান বিজ্ঞান মেলা ২০১৯ৰ প্ৰস্তুতি গোলাঘাটত সম্পূৰ্ণ হৈছে । গোলাঘাটৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সহযোগত আয়োজন কৰা ৰাজ্যিক পৰ্য্যায়ৰ এই মেলা সম্পৰ্কত সোমবাৰে আয়োজক সমিতিয়ে এখন সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে । আয়োজক সমিতিৰ সভাপতি নবীন শইকীয়াই প্ৰকাশ কৰা মতে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এই মেলাত ১৩ টা বিষয়ত অনুস্থিত হ'বলগীয়া প্ৰতিযোগিতা ২টা শাখাত হ'ব । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা বিদ্যা ভাৰতীৰ অন্তৰ্গত ৫৫১ খন শিক্ষানুষ্ঠানৰ ভিতৰত নিৰ্বাচিত ছাত্র ছাত্ৰী সকলে অংশ গ্ৰহণ কৰিবলগা এটা দলত ৫০ জনকৈ ৪০০ ,ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ।প্ৰতিটো বিভাগতে ১০ গৰাকীকৈ আচাৰ্য আৰু কেন্দ্ৰীয় সমিতিৰ ৩০ জনকৈ কাৰ্যকৰ্তাই পৰিচালনা কৰিব এই মেলাত হ'বলগীয়া প্ৰতিযোগিতা সমূহ । প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে "বালক"শাখা আৰু নবম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ "কিশোৰ " শাখাত ভাগ কৰা হৈছে । বিজ্ঞান আৰু গনিত বিষয়ত হ'বলগীয়া প্ৰতিযোগিতাত বৈদিক গনিত ,সাংস্কৃতিক জ্ঞান আৰু বিজ্ঞান প্ৰশ্ন মঞ্চ , বিজ্ঞান পত্ৰ ,গনিত পত্ৰ ভাচন ,সংস্কৃতি জ্ঞান পত্ৰ ভাচন , কাহিনী কোৱা ,বিজ্ঞান আৰু গনিতৰ মডেল , আকস্মিক ভাষণ ,ব্যৱহাৰিক গনিত আদি অনুষ্ঠিত হব । অহা ২০ ছেপ্টেম্বৰত বিয়লি এই মেলা উদ্ধোধন কৰিব অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব ড : মুকুল চন্দ্ৰ বৰা, কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু হেমন্ত ধিং মজুমদাৰে । ২১ ছেপ্টেম্বৰত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতা উন্মোচন কৰিব ড ; পুতুল চন্দ্ৰ শইকীয়াই । সন্ধ্যা স্মৃতি গ্ৰন্থ উন্মোচন কৰিব সু লেখিকা লোপামুদ্ৰা ভট্টাচাৰ্যই । ২২ ছেপ্টেম্বৰত পূৱা প্ৰতিযোগিতা আৰু দহ বজাত অনুস্থিত হ'ব সামৰণি অনুস্থান ।উদ্যোক্তা সকলে মেলা তথা প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে । সংবাদমেল খনত আয়োজকসমিতিৰ সভাপতি নবীন শইকীযাৰ লগতে উপস্থিত আছিল কাৰ্যকৰী সভাপতি গুনগোবিন্দ শৰ্মা ,সম্পাদক প্ৰাঞ্জল ভট্টাচাৰ্য্য বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৰুণ শইকীয়া আৰু বিদ্যালয় খনৰ প্ৰধান আচাৰ্য তথা আয়োজক সমিতিৰ ব্যৱস্থাপক দিগন্ত অধ্যাপক ।
- Log in to post comments
- 15 views