বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
বৰপেটা জিলাৰ সৰভোগস্থিত বাড্চ একাডেমিত সোমবাৰে বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ ৰচিত আৰু সৰভোগ বা্ডচ একাডেমিৰ দ্বাৰা প্ৰকাশিত 'বৰনগৰীয়া ভাষা আৰু অন্যান্য' নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ এই উপলক্ষে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰতিকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখনিৰ প্ৰকাশক বাডচ একাডেমীৰ হৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগৰ সুজিত দাসে উদ্দেশ্যে ব্যাখ্যা কৰে। গ্ৰন্থখন উন্মোচন কৰাৰ প্ৰাকমুহূৰ্তত গ্ৰন্থখনৰ লেখক ভট্টাচাৰ্যই তেওঁৰ বক্তব্যত কয় যে, বৰনগৰৰ সিঁচৰিত হৈ থকা উপ-ভাষাটোক কিতাপ আকাৰে প্ৰকাশ কৰিলে, ভৱিষ্যতে এই কিতাপখন এক গবেষণাৰ সম্বল হৈ থাকিব। এই আঞ্চলিক ভাষাটো জীয়াই ৰাখি গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ তেওঁ ক্ষুদ্ৰ প্ৰচেষ্টাহে কৰিছে বুলি কয়। আনহাতে, গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ গুৱাহাটীৰ প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক তথা দিশপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সঞ্জীৱ শৰ্মাই কয়- উপ-ভাষাৰ অবিহনে কোনো ভাষাৰ সৃষ্টি নহয়। আজি প্ৰকাশ কৰা বৰনগৰীয়া ভাষা আৰু অন্যান্য গৱেষণামূলক বিষয় সন্নিৱিষ্ট এই গ্ৰন্থখনিয়ে অসমীয়া ভাষাক নিশ্চতভাৱে সমৃদ্ধশালী কৰিব। অনুষ্ঠানত বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নিখিল ডেকা, ড° স্বৰ্ণলতা দাস, কন্দৰ্প পাঠক, অৱসৰ প্ৰাপ্ত শিক্ষক ৰঞ্জিত দাস, যুৱ প্ৰজন্মৰ কবি ৰুবুল দাস আৰু ৰাহুল দেৱ দাসে ভাষণ ৰাখে।
- Log in to post comments
- 19 views