বাছ যাত্ৰাৰে লংকাত  উপস্হিত অসম কংগ্ৰেছৰ নেতা -পালি নেতাৰ : এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকৰ সৈতে মত বিনিময় 

savapati

লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :

এন আৰ চিৰ তালিকাত নাম কৰ্তন হোৱা একো একোটা বৃহৎ অঞ্চলৰ ৰাইজেৰে মত বিনিময় আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰম্ভ কৰা বাছ যাত্ৰা কাৰ্যসূচীৰ বাছ খন
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা পালিনেতা,প্ৰাক্তন মন্ত্ৰী সহ দেওবাৰে উপস্হিত হয় হোজাই জিলাৰ লংকাৰ কাকী ডেৰাপথাৰত ।  সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, অৰ্ধেন্দু কুমাৰ দে ,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু নগাও সাংসদীয় সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ সহ দলটোৰ অন্য বহু নেতা পালিনেতা । ডেৰাপথাৰ অঞ্চলত  বসবাস কৰা গাৰো, কোঁচ, ডালু, হাজং আদি জনজাতীৰ লোকৰ লগতে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা বেংগলী সম্প্ৰদায়ৰ একাংশ লোকৰ সৈতেও এখন সভাৰ জৰিয়তে মত বিনিময় কৰে কংগ্ৰেছৰ নেতা কৰ্মীৰ এই দলটোৱে। 

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জানিব পৰা মতে "অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসমৰ সমগ্ৰ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা ভ্ৰমিব আৰু এন আৰ চিত নাম বাদ পৰা ভাৰতীয় নাগৰিক সকলৰ দুখৰ সমভাগি হৈ কংগ্ৰেছ দলৰ অধিবক্তা সকলৰ জৰিয়তে আইনী দিহা পৰামৰ্শ দিয়া হ'ব যাতে নাম বাদ পৰা লোকসকলৰ পুনৰ আবেদনত সহায় হয়। 

আনহাতে অমিত শ্বাহে কিছু দিন পূৰ্বে ঘোষণা কৰা এক দেশ এক ভাষা নীতিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুন বৰাই কয় আমি এইটো সম্পূৰ্ণ বিৰোধিতা কৰিছো ।এইটো তেওলোকৰ একনায়কত্ববাদী সিদ্ধান্ত ।তেওলোকৰ মাত্ৰ এক দেশ, এক ৰিলিজন ,এক ভাষা এইবোৰেই তেওলোকৰ শ্ল'গান | ৰাইজৰ যে আৰ্থিক দূৰৱস্হা হৈছে সেইবোৰৰ প্ৰতি তেওলোকৰ কোনো কাণষাৰ নাই বুলিও সভাপতি ৰিপুন বৰাই মন্তব্য কৰে।

আনহাতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সাংবাদিকৰ আগত কয় আমাৰ স্পষ্ট কথা ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা প্ৰতিজনৰ নাম এন আৰ চিৰ তালিকাত নাম অন্তৰ্ভূক্ত হ'ব লাগে 

Your Comments