বঙাইগাঁওঃ
কোচ ৰাজবংশী জাতীয় মঞ্চৰ উদ্যোগত দেওবাৰে বঙাইগাঁও কৃষ্টি বিকাশ সংঘত কোচ ৰাজবংশী কবিতা পাঠৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ কোচ ৰাজবংশী সাহিত্য সৃষ্টিৰ লক্ষ্যৰে আয়োজিত এই কবি সন্মিলনখনি সঞ্চালনা কৰে মঞ্চৰ সভাপতি বিমল কুমাৰ বৰ্মণে ৷ অনুষ্ঠানত কোচ ৰাজবংশী কাব্য সংকলন 'কাঁচি জোনাক' উন্মোচন কৰে বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক সুজিত কুমাৰ ৰায়ে ৷ কাব্য সংকলন উন্মোচন কৰি দিয়া ভাষণত ৰায়ে কোচ ৰাজবংশী ভাষা প্ৰসাৰৰ ক্ষেত্ৰত কোচ ৰাজবংশী জাতীয় মঞ্চই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় আৰু জনগোষ্ঠীটোৰ সুকীয়া ভাষা প্ৰচাৰৰ বাবে নতুন লেখকৰ সৃষ্টি কৰাত এই অনুষ্ঠানে সহায় কৰিব বুলি মত ব্যক্ত কৰে ৷ অনুষ্ঠানত কবি শচীন্দ্ৰ চৌধুৰী, ধৰণী ৰায়, নিৰ্মল বৰুৱা, জয়ন্ত ৰায়, মিনতি ৰায়, অৰ্জুন চন্দ্ৰ বৰ্মণ, শকুন্তলা চৌধুৰী, মঞ্জু বৰুৱা ডাকুৱা, হিৰণ ৰায়, ধীৰাজ ৰায়, ৰমলা ৰায় সৰকাৰ, নিৰ্মল কুমাৰ ৰায়, ৰাস্না বৰুৱা, থানেশ্বৰ সিংহ, বিমল কুমাৰ বৰ্মণকে ধৰি একুৰিৰো অধিক কবিয়ে ৰাজবংশী কবিতা পাঠ কৰে ৷
- Log in to post comments
- 10 views