নলবাৰীৰ পৰা প্ৰকাশিত "গজালি"ৰ বিশেয শাৰদীয় সংখ্যা উন্মোচন 

nlb

 নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :

নলৱাৰীৰ বগলচ ৰোড চ'কৰ পৰা বিগত সাত বছৰে প্ৰকাশ পাই থকা কাৱ্যলোচনী'গজালি'ৰ বিশেয শাৰদীয় সংখ্যা দেওবাৰে সন্ধিয়া নলৱাৰীৰ বাহজানীৰ অন্তৰ্গত মিলন বজাৰত অনুষ্ঠিত প্ৰয়াত মনোজ মেধি সোঁৱৰণী কবি সন্মিলনত আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি পংকজ গোবিন্দ মেধি, বিপুল কুমাৰ দত্ত ,শান্তনু শৰ্ম্মা,বিনয় কুমাৰ মজুমদাৰ আৰু ড°হিতেশ দাসে।বিশেয সংখ্যাটো উন্মোচন কৰি কবি পংকজ গোবিন্দ মেধিয়ে কয় যে "গজালি" এতিয়া নলৱাৰীৰ এক ঠিকনা হৈ পৰিছে আৰু বিগত সাত বছৰ ধৰি এখন কৱিতাৰ আলোচনী প্ৰকাশ কৰি থকাটো এটা কাব্য আন্দোলনৰ বাৱে এক অতি উল্লেখযোগ্য ঘটনা।কবি বিপুল কুমাৰ দত্তই কয় গজালিয়ে নৱপ্ৰজন্মৰ কবি সকলক এখন মঞ্চ দি আহিছে গজালি আকাৰত সৰু হলেও ইয়াত প্ৰকাশিত কবিতাই সদায় বিৰাতৰ সম্ভাৱনা কৰিয়াই আছে। উল্লেখ যে এইৱাৰৰ শাৰদীয় স্ংখ্যাত কবি নীলিম কুমাৰ ,প্ৰদীপ শইকীয়া,বিপুল কুমাৰ দত্ত,কমল কুমাৰ জৈন,বিনয় কুমাৰ মজুমদাৰ,আবেদুৰ ৰহমান,দত্তী ৰাম দাস,নিতুল কুমাৰ ভট্ৰ,ৰঞ্জিত পাটগিৰীকে ধৰি ৪৫গৰাকী জনপ্ৰিয় নবীন আৰু প্ৰবীণ কবিৰ কবিতা প্ৰকাশ পাইছে।

Your Comments