লাহৰীঘাটৰ লালী নৈৰ ওপৰৰ জৰাজীৰ্ণ  কাঠৰ দলং মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ 

laharighat

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলামৰ প্রতিবেদন :

মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ দক্ষিণ ফালে থকা লালী নৈৰ ওপৰত  কাঠৰ দলংখন তিনি বছৰ ধৰি মেৰামতি নোহোৱাৰ  ফলত পথচাৰী, বহুকেইখন স্কুল-কলেজৰ ছাত্ৰ- ছাত্ৰীৰ লগতে স্হানীয় গঞাই যমৰ যাতনা ভুগিব লগা হৈছে ।  দলংখনৰ ওপৰেদি অঞ্চলটোৰ চাৰি-পাচখন গাৱৰ কেইবা সহশ্ৰাধিক লোকে দৈনিক অহা যোৱা কৰে । চাৰি-পাচ খন গাৱৰ গঞাৰ এক মাত্ৰ বজাৰ  লাহৰীঘাট দ্বিসপ্তাহিক বজাৰলৈ সংযোগৰ একমাত্ৰ সম্বল দলংখনৰ মেৰামতি নোহোৱাৰ বাবে গঞা ৰাইজে উৎপাদিত বিভিন্ন সামগ্ৰী বজাৰলৈ বিক্ৰী কৰিবলৈ আনোতে বহু অসুবিধাৰ  সন্মুখীন হব লগা হৈছে।  সম্প্ৰতি  দলঙৰ ৰেলিঙৰ পৰা  আদি কৰি মাজৰ কাঠবোৰো বহু অংশত নাইকিয়া হৈ আছে । যিকোনো সময়তে দূৰ্ঘটনা হোৱাৰ আশংকা কৰিছে স্হানীয় ৰাইজ তথা পথচাৰী সকলে । লালী নৈৰ ওপৰৰ এই জৰাজীৰ্ণ কাঠৰ দলং খন সোনকালে মেৰামতি কৰি দিবলৈ  জিলা প্ৰশাসনক আহব্বান জনাইছে অঞ্চলটোৰ ভুক্তভোগী গঞাই। 

 

Your Comments