গোৱালপাৰা বালাচাৰী-আমগুৰীত ৰাভা ভাষাত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ  ৰাসলীলা  নাটকৰ  শুভমহুৰত সম্পন্ন

goalpara

আগিয়াৰ পৰা উৎপল ৰাভাৰ প্রতিবেদন :

সামাজিক - সাংস্ক্ তিক  অনুষ্ঠান বি বি ক্ৰিয়েশ্ব্যনৰ সৌজন্যত  আৰু বালাচাৰীৰ  ৰুঞ্জুমুক  নামৰ  এক  আৰ্থ - সামাজিক  সংস্হাৰ সহযোগত দেওবাৰে গোৱালপাৰা জিলাৰ  দ'দান গাঁও পঞ্চায়তৰ অন্তৰ্গত  আমগুৰী  প্ৰাথমিক বিদ্যালয়ৰ অস্হায়ী মঞ্চত  উদীয়মান নাট্যকাৰ সুদৰ্শণ ৰাভাৰ অনুবাদ আৰু পৰিচালনাৰে  ৰাভা  ভাষাত ' শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ  ৰাসলীলা নাটকৰ  শুভ মহুৰত অনুষ্ঠিত হৈ যায়। বন্তি  প্ৰজ্বলনেৰে  নাট্যানুষ্ঠানৰ শুভাৰম্ভ  কৰে  বিশিষ্ট চলচিত্ৰ অভিনেতা প্ৰাঞ্জল শইকীয়াই । অনুষ্ঠানত   বি বি ক্ৰিয়েশ্ব্যনৰ  প্ৰযোজক বসন্ত-ববী ,  বিশিষ্ট  অভিনেত্ৰী  পূৰ্ণিমা  পাঠক  শইকীয়া , আৰু  নিলাক্ষী লাহন আৰু ৰাভা হাছং স্বায়ত্ত  শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাৰ লগতে বিশিষ্ট সমাজকৰ্মী প্ৰাণজিত শইকীয়া উপস্হিত থাকে। 
       উল্লেখ্য যে উক্ত নাটখনি অহা ১২,১৩ আৰু ১৪ নবেম্বৰত গুৱাহাটীত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ৰাভা আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰদৰ্শিত  হ'ব ।

Your Comments